NORTHEAST NOW (Assamese)
অসম

জনসংযোগ কেলেংকাৰী : নিলম্বিত সঞ্চালক ৰঞ্জিত গগৈৰ জামিন লাভ

Posted by: এন ই নাও নিউজ March 17, 2018 7:42 am
13regscam

জনসংযোগ বিভাগৰ ৩৫ কোটিটকীয়া বিজ্ঞাপন কেলেংকাৰীৰ মূল অভিযুক্ত জনসংযোগ বিভাগৰ নিলম্বিত সঞ্চালক ৰঞ্জিত গগৈয়ে জামিন লাভ কৰিছে।

বিগত প্ৰায় চাৰিমাহ ধৰি কাৰাবন্দী হৈ থকা বিজ্ঞাপন কেলেংকাৰীত অভিযুক্ত গগৈৰ জামিন আৱেদন শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ বিচাৰপীঠে মঞ্জুৰ কৰে।

উল্লেখযোগ্য যে বিগত কংগ্ৰেছ চৰকাৰৰ শাসনকালৰ অন্তিম সময়ছোৱাত চৰকাৰী কাম-কাজৰ বহুল প্ৰচাৰৰ বাবে ধাৰ্য কৰা ৩৫ কোটি টকাৰ বিজ্ঞাপনৰ ধন নিৰ্দিষ্ট কেইটামান সংস্থাৰ সহযোগত গগৈৰ নেতৃত্বতে হৰলুকী হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

জনসংযোগৰ এই বিজ্ঞাপন কেলেংকাৰী ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পিছতে তদন্তৰ আওতালৈ আহে। কেলেংকাৰীৰ মূল অভিযুক্ত হিচাপে চিনাক্ত হোৱা তদানীন্তন সঞ্চালক ৰঞ্জিত গগৈক মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছিল।

গগৈৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাই ইতিমধ্যে বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰিছে। সেই মৰ্মে নিম্ন আদালতে গগৈৰ জামিন নামাঞ্জুৰ কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে এই কেলেংকাৰীৰ গোচৰৰ এজাহাৰত নাম থকা আন চাৰিজন অভিযুক্তক তদন্তকাৰী সংস্থাই এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই।

জনসংযোগৰ বিজ্ঞাপন কেলেংকাৰীত অভিযুক্ত আন চাৰি জন ব্যৱসায়ী হ’ল ক্ৰমে ব্ৰহ্মপুত্ৰ টেলিভিশ্যন নেটৱৰ্কৰ স্বত্ত্বাধিকাৰী ৰাজীৱ বৰা আৰু অঞ্জনা বৰা, ডেল্টা পাব্লিচিটিৰ স্বত্ত্বাধিকাৰী দিলীপ কলিতা আৰু প্ৰদীপ এডভাৰ্টাইজিঙৰ স্বত্ত্বাধিকাৰী অপূৰ্ব লহকৰ।