NORTHEAST NOW (Assamese)
অসম

অসুস্থ সাহিত্যিক ৰং বং টেৰাঙৰ চিকিৎসাৰ বাবে এক লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ March 17, 2018 9:11 am
Rang_bang_terang_403767285

আজি কিছুদিনৰ পৰা শাৰীৰিকভাৱে অসুস্থ হৈ থকা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰং বং টেৰাঙৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে এক লাখ টকাৰ সাহায্য ঘোষণা কৰিছে।

এই আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা হ’ব।

মুখ্যমন্ত্ৰী সোণোৱালে লগতে  বিশিষ্ট সাহিত্যিকগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।

‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা টেৰাং আজি কিছুদিনৰ পৰা বাৰ্দ্ধক্যজনিত ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ অসুস্থ হৈ আছে।

পদ্মশ্ৰী বঁটাৰে সন্মানিত টেৰাং ৰাজ্যখনৰ সাহিত্য বিষয়ক সৰ্বোচ্চ সংস্থা অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদ অলংকৃত কৰিছিল। ৰং বং টেৰাং অসম সাহিত্য সভাৰ দুটাকৈ কাৰ্যকালত সভাপতি হৈছিল আৰু তেওঁৰ নেতৃত্বত সভাই এক গৌৰৱময় দিনৰ পাতনি মেলিছিল।

ডিফু চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষক হিচাপে চাকৰি কাল আৰম্ভ কৰা টেৰাঙে পিছত ডিফু চৰকাৰী মহাবিদ্যালয়ত অসমীয়াৰ প্ৰৱক্তা হিচাপে যোগদান কৰিছিল।

২০০ চনৰ ১ এপ্ৰিলত তেওঁ মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু ২০০২ চনৰ ৩০ নৱেম্বৰত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।