NORTHEAST NOW (Assamese)
অসম

জাকাৰ্টাৰ সমুদ্ৰত ভাঁহি আহিছে ‘নিৰুদ্দিষ্ট’ বিমানৰ যাত্ৰীৰ মৃতদেহ,উদ্ধাৰ অভিযান অব্যাহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 10, 2021 11:02 am
a body

ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ পৰা কালি সন্ধিয়া উৰা মৰাৰ পিছতে সংগোগ বিচ্ছিন্ন হৈ পৰা ‌Sriwijaya Air flight ৰ SJY 182 বিমান খন দুৰ্ঘটনাত পতিত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে।

বিমানকৰ্মীৰ লগতে মুঠা ৬২ গৰাকী যাত্ৰী কঢ়িয়াই কালি সন্ধিয়া জাকাৰ্টাৰ Soekarno-Hatta বিমান বন্দৰৰ পৰা পণ্টিয়ানাকে নামৰ অঞ্চলটোলৈ উৰা মৰাৰ পিছতে বিমান খনৰ সৈতে নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল।

যোগাযোগ বিচ্ছিন্ন হোৱাৰ সময়ত বিমান খন মাটিৰ পৰা ১১ হাজাৰ ফুট উচ্চতাৰে উৰি আছিল।

বিমান খনৰ সন্ধান উলিয়াবলৈ যোৱা নিশাৰে পৰা ইণ্ডোনেছিয়াৰ চৰকাৰে চেষ্টা চলাই আছিল যদিও আজি জাকাৰ্টাৰ উপকূলত ভাঁহি উঠে কেইবাজনো যাত্ৰীৰ মৃতদেহ আৰু ধ্বংসপ্ৰাপ্ত বিমানৰ অংশ।

অৱশ্যে এতিয়ালৈকে ইণ্ডোনেছিয়াৰ চৰকাৰৰ তৰফৰ পৰা বিমান খন ধ্বংসপ্ৰাপ্ত হোৱা বুলি আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

জাভা সাগৰত উটি অহা মৃতদেহ আৰু নথি-পত্ৰ চাই সেয়া বিমান খনৰে যাত্ৰীৰ মৃতদেহ বুলি বহুতে নিশ্চিত কৰিছে।

সন্দেহ কৰা মতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পিছতে বিমান খন জাভা সাগৰত আহি পৰিছিল।

উদ্ধাৰকাৰীৰ দলে এতিয়াও বিমান খনৰ সন্ধান লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

অৱশ্যে চৰকাৰী ঘোষণাৰ পিছতহে সকলো কথা স্পষ্ট হ’ব।