NORTHEAST NOW (Assamese)
অসম

বলীউদৰ ড্রাগছ কাণ্ডত অভিনেত্ৰী দিয়া মিৰ্জাৰ প্ৰাক্তন মেনেজাৰকে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 10, 2021 1:01 pm
dia_mir_0

বলীউদত ড্ৰাগছ কাণ্ডত এইবাৰ নাম জড়িত হৈ পৰিল অভিনেত্ৰী দিয়া মিৰ্জাৰ। অভিনেত্ৰীগৰাকীৰ প্ৰাক্তন মেনেজাৰকে ধৰি চাৰিজনক নাৰক’টিকছ কন্ত্ৰ’ল ব্যুৰোই গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, এনচিবিয়ে গ্ৰেপ্তাৰ কৰা চাৰিজন লোকৰ ভিতৰত দুজন ভাৰতীয় আৰু আন দুজন ব্ৰিটেইনৰ নাগৰিক।

গোপন তথ্যৰ পম খেদি শনিবাৰে অভিযানকাৰী দলে পশ্চিম বান্দ্ৰাৰ এটা আৱাসৰ পৰা গাঞ্জা ভৰ্তি কেইবাটাও কুৰিয়াৰ উদ্ধাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা ভাৰতীয় দুজনৰ এজন হৈছে দিয়া মিৰ্জাৰ প্ৰাক্তন মেনেজাৰ ৰাহিলা ফাৰ্নিচাৰৱালা। আনজন হৈছে ৰাহিলাৰ ভগ্নী ছাইস্তা। দুয়োজনৰ পৰাই গাঞ্জা উদ্ধাৰ কৰা হৈছে।

যশোৱন্ত হাইটছ নামৰ বহুমহলীয়া ঘৰটোৰ পৰা প্ৰচুৰ পৰিমানে নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হয়। ঘৰটোৰ পৰা কৰণ ছাজনানি নামৰ এজন বিদেশী নাগৰিককো গ্ৰেপ্তাৰ কৰা হৈছে।

এনচিবিয়ে জানিবলৈ দিয়া মতে মুঠ ২০০ কেজি গাঞ্জা জব্দ কৰা হৈছে।  প্ৰাথমিক অনুসন্ধানত মুম্বাইৰ একাধিক প্ৰভাৱশালী ব্যক্তিৰ ওচৰত ড্ৰাগছ সৰবৰাহৰ কাম কৰি আহিছে কৰণ ছাজনানিয়ে।

ছাজনানিৰ এই কামত সহায় কৰিছিল দিয়া মিৰ্জাৰ প্ৰাক্তন মেনেজাৰ ৰাহিলা আৰু তেওঁৰ ভগ্নী ছাইস্তাই।