NORTHEAST NOW (Assamese)
অসম

হালি পৰা গছত বাগী কুঠাৰ! বিশ্ববিদ্যালয়ে কাঢ়ি ল’লে ট্ৰাম্পৰ ডক্টৰেট ডিগ্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2021 7:16 am
TRUMP-750x375

হালি পৰা গছত আটাইয়ে বাগী কুঠাৰ মৰাৰ দৰে ঘটনা ঘটিছে এতিয়া আমেৰিকাত। ডোনাল্ড ট্ৰাম্পৰ পৰাজয় নিশ্চিত হোৱাৰ পাছত এতিয়া সকলোৱে এলাগী কৰিবলৈ আৰম্ভ কৰিছে বিদায়ী ৰাষ্ট্ৰপতিগৰাকীক।

সংসদ ভৱনত ট্ৰাম্প সমৰ্থকৰ আক্ৰমণৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰপতিগৰাকীৰ টুইটাৰ একাউন্ট ব্লক কৰি দিয়া হৈছে। এইবাৰ তেওঁৰ ডক্টৰেট ডিগ্ৰীও কাঢ়ি নিয়া হ’ল।

আমেৰিকাৰ লেহাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে যে ৩০ বছৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ পৰা ডোনাল্ড ট্ৰাম্পক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল। সেই ডিগ্ৰী এতিয়া ঘুৰাই লোৱা হৈছে।

ডোনাল্ড ট্ৰাম্পত আমেৰিকাত এতিয়া প্ৰায় এলাগী হ’বলৈ আৰম্ভ কৰিছে। সমগ্ৰ বিশ্বতে সমালোচনাৰ সন্মুখীন হৈছে ৰাষ্ট্ৰপতিগৰাকী।

ইতিমধ্যে ইৰাকে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। ট্ৰাম্পৰ নিৰ্দেশতে ইৰাকত আমেৰিকান বাহিনীৰ আক্ৰমণত ইৰানৰ শীৰ্ষ সেনা কমাণ্ডাৰৰ মৃত্যু হোৱাৰ অভিযোগ কৰা হৈছে।

ভৱিষ্যতে প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পে কেতিয়াও ইৰাক ভ্ৰমণ কৰিলে তেওঁক জে’ললৈ প্ৰেৰণ কৰা হ’ব পাৰে।

আন্তৰ্জাতিক সংবা মাধ্যমৰ প্ৰতিবেদন অনুসৰি ট্ৰাম্প মহাভিযোগৰ সন্মুখীন হ’ব পাৰে। ৰাষ্ট্ৰপতিগৰাকীৰ ক্ষমতাৰ ম্যাদ কিছুদিন বাকী থকাৰ সময়তে বিশেষ আইন প্ৰয়োগ কৰি ট্ৰাম্পক ক্ষমতাচ্যুত কৰাৰো প্ৰক্ৰিয়া চলিছে।