NORTHEAST NOW (Assamese)
অসম

চিমেণ্ট, তীখা কোম্পানীয়ে ইচ্ছামতে বঢ়াই গৈছে দাম, গাডকাৰীৰ স্বীকাৰোক্তিয়ে উদঙালে চৰকাৰৰ নিয়ন্ত্ৰণহীনতাৰ কথা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2021 10:21 am
a gad

ক’ৰ’ণাৰ সংক্ৰমণে কঁকাল ভাঙি পেলোৱা দেশৰ অৰ্থনীতিলৈ সুস্থিৰ অৱস্থা উভতি আহিবলৈ আৰু বহু সময়ৰ প্ৰয়োজন হ’ব।

দেশবাসীয়ে অৰ্থনৈতিক দুৰাৱস্থাৰ সন্মুখীন হোৱাৰ সময়তে চিমেণ্ট, তীখাকে ধৰি নিৰ্মাণ কাৰ্যত ব্যৱহৃত আন সামগ্ৰী সমূহৰ আকাশলংঘী মূল্যই এতিয়া সৰ্বস্বান্ত কৰিছে সকলোকে।

চিমেণ্ট, তীখা আদিৰ মূল্য বৃদ্ধিৰ বিষয়টোৱে এতিয়া যে কেৱল সাধাৰণ জনতাকে শলঠেকত পেলাইছে তেনে নহয়, আনকি চৰকাৰেও বিষয়টোকলৈ বিপাঙত পৰিবলগীয়া হৈছে।

এই কথাৰ উমান পোৱা গ’ল কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীৰ ভাষ্যৰ পৰা।

চিমেণ্ট, তীখা আদিৰ মূল্যবৃদ্ধিৰ প্ৰসংগত মন্তব্য কৰি গাডকাৰীয়ে কয় যে চিমেণ্ট, তীখা আদি নিৰ্মাণকাৰী কোম্পানীবোৰে নিজৰ ইচ্ছানুসৰি দাম বৃদ্ধি কৰি গৈছে।

ফলত চৰকাৰৰ বিভিন্ন পৰিকাঠামোজনিত নিৰ্মাণ কাৰ্যত স্থৱিৰতা আহি পৰিছে।

বিল্ডাৰ্ছ এছোচিয়েছন অৱ ইণ্ডিয়াৰ ৱেষ্টাৰ্ণ মণ্ডলৰ বৈঠকত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰি গাডকাৰীয়ে কয় যে চিমেণ্ট, তীখা আদি কোম্পানীবোৰৰ উৎপাদকসকলৰ নিৰ্দিষ্ট গোট আছে আৰু সেই গোটেই নিজৰ খেয়াল-খুছি অনুসৰি এনেবোৰ সামগ্ৰীৰ দাম বৃদ্ধি কৰি গৈছে।

চৰকাৰে অহা ৫ বছৰত প্ৰায় ১১১ লাখ কোটি টকাৰ পৰিকাঠামো সম্পৰ্কীয় নিৰ্মাণকাৰ্যৰ পৰিকল্পনা কৰিছে যদিও চিমেণ্ট, তীখা আদিৰ অত্যধিক মূল্যবৃদ্ধিৰ বাবে চৰকাৰ বিমোৰত পৰিবলগীয়া হৈছে।

তেওঁ লগতে কয় যে তীখা কোম্পানীবোৰৰ নিজস্ব খনি  আছে। সেয়ে শ্ৰমিক অথবা আন খৰচ এনে কোম্পানীত বৃদ্ধি পোৱাৰ সম্ভাৱনা বিশেষ নাথাকে।

ইমানৰ পিছতো কিয় তীখা কোম্পানী বোৰে দাম বৃদ্ধি কৰি গৈছে সেয়াহে তেওঁ বুজি নাপায় বুলি মন্তব্য কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ কথাৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে চিমেণ্ট, তীখা আদি কোম্পানীৰ ওপৰত চৰকাৰৰ বিশেষ নিয়ন্ত্ৰণ নাই।

সেই বাবেই এনে কোম্পানীবোৰে নিজৰ ইচ্ছানুসৰি দাম বঢ়াই যাব পাৰিছে।