NORTHEAST NOW (Assamese)
অভিমত অসম আন্ত: ৰাষ্ট্ৰীয় ক্ৰীড়া জীৱনশৈলী দেশ প্ৰাসংগিক প্ৰশ্ন
NORTHEAST NOW (Assamese)
  • Home
  • অভিমত
  • অসম
  • আন্ত: ৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • দেশ
  • প্ৰাসংগিক প্ৰশ্ন
অসম

বিশ্ব ক্ৰীড়াত স্বৰ্ণ জয় কৰিলে আন এগৰাকী উত্তৰ-পূবৰ যুৱতীয়ে

Posted by: এন ই নাও নিউজ ব্যুৰো: November 30, 2017 5:26 pm
Apply Now

আমেৰিকাৰ এনাহেইমত চলি থকা বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে তেওঁৰ শাখাত সোণৰ পদক জিকি সমগ্ৰ ভাৰতকে গৌৰৱিত কৰিলে। কৰ্নম মালেশ্বৰীৰ পিছত বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জিকা তেৱেঁ হ’ল একমাত্ৰ ভাৰতীয়। প্ৰায় দুই দশক পূৰ্বে কৰ্নম মালেশ্বৰীয়ে ক্ৰমে ১৯৯৪ আৰু ১৯৯৫বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জিকি একেদৰেই ভাৰতক গৌৰৱিত কৰিছিল। আজিৰ মীৰাবাইৰ এই সাফল্যত স্বাভাৱিকতে ভাৰতীয় ক্ৰীড়া জগতত আনন্দৰ জোৱাৰ উঠিছে। আনহাতে অলপতে গুৱাহাটীত বিশ্ব মহিলা যুৱ বক্সিঙত সোণৰ পদক জিকা অংকুশিতা বড়োৰ পিছত আন এগৰাকী উত্তৰ-পূবৰ খেলুৱৈৰ এই সাফল্যই উত্তৰ-পূব বাসীৰ মুখতো হাঁহি বিৰিঙিছে। মীৰাবায়ে স্নেটছত ৮৫ কেজি আৰু ক্লীন এণ্ড জাৰ্কত ১০৯ কেজি- মুঠ ১৯৪ কেজি দাঙি এই সাফল্যত উপনীত হয়। তেওঁ তেওঁৰ শক্তিশালী প্ৰতিদ্বন্দ্বী থাইলেণ্ডৰ Thunya Sukcharoen তকৈ এক কেজি অধিক দাঙি স্বৰ্ণ দখল কৰে। এই জয়েৰে ৰিঅ’ অলিম্পিকত বৃহৎ প্ৰতিযোগিতাৰ হিচাপত তেওঁৰ অভিষেক খেলত কৰা দুৰ্বল প্ৰদৰ্শনৰ শুধৰনি কৰিলে বুলি ক’ব পাৰি। অৱশ্যে যোৱা বছৰো তেওঁ দক্ষিণ এছিয়া ক্ৰীড়াতো স্বৰ্ণ জয় কৰিছিল। বহুতে এতিয়া ভাৰতীয়া ক্ৰীড়া ক্ষেত্ৰত ভাৰোত্তোলনৰ শাখাত তেওঁক কৰ্নম মালেশ্বৰীৰ উত্তৰসূৰী বুলি ক’ব বিচাৰে। এই কৃতিত্ব তেওঁৰ অৱশ্যেই প্ৰাপ্য।

← Previousঅখিলক NSA ত গ্ৰেপ্তাৰ : পুনৰ শপতনামা দাখিলত… Next →নবেম্বৰ মাহত ১৭ টাকৈ চোৰাংচিকাৰী আটক কৰাত সফল…

You may also like

অভিমত

ৰাজপথৰ আন্দোলনে বচাব পাৰিবনে অসমীয়াক? বিদেশীৰ লগতে বহিৰাগতৰ আগ্ৰাসনো বিপদজনক

বিগত প্ৰায় পয়ত্ৰিশ বছৰ ধৰি অসমীয়াই কেৱল বিদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাক লৈয়েই ব্যস্ত থাকিবলগীয়া হৈছে। ঐতিহাসিক ছবছৰীয়া অসম আন্দোলনৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ…

ৰাজেন শৰ্মা · January 24, 2019 7:25 pm
অসম

কৰ’নাভাইৰাছৰ প্ৰতিষেধক উলিওৱাৰ চেষ্টা আই আই টি গুৱাহাটীৰ গৱেষকৰ

বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’নাভাইৰাছৰ প্ৰতিষেধক উলিওৱাৰ বাবে আই আই টি গুৱাহাটীৰ এদল গৱেষকে চেষ্টা কৰি আছে। তাৰোপৰি বিভিন্ন ভাইৰাছ আৰু…

এন ই নাও নিউজ · March 25, 2020 6:27 pm
অসম

মোডী মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিলে জৰ্জ কুৰিয়ানে? আস্থা হেৰুৱালে নেকি বিজেপিয়ে?

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা জৰ্জ কুৰিয়ানে। ৰাজ্যসভাৰ সদস্য হিচাপে ছবছৰীয়া কাৰ্যকাল শেষ হোৱাত তেওঁ মন্ত্ৰালয় এৰিবলগীয়া হৈছে। বিজেপিয়ে…

এন ই নাও নিউজ, গুৱাহাটী · June 23, 2026 3:17 pm
অসম

শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ দাবীত ২৮ মাৰ্চত বৰপেটাত প্ৰতিবাদ কৰিব ছাত্ৰ মুক্তিয়ে

শিক্ষাৰ ব্যক্তিগতকৰণৰ স্বাৰ্থত ৰাজহুৱা শিক্ষানুষ্ঠান বিলুপ্ত কৰাৰ ষড়যন্ত্ৰ, শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তিকে ধৰি  বিভিন্ন দাবীত অহা ২৮ মাৰ্চত বৰপেটা চহৰত ছাত্ৰ মুক্তি…

এন ই নাও নিউজ · March 26, 2018 2:43 pm
NORTHEAST NOW (Assamese) © 2026