NORTHEAST NOW (Assamese)
অসম

বিৰাট-অনুষ্কাৰ দীপলিপ কন্যা সন্তানৰ জন্ম; তাৰকা দম্পতিলৈ অভিনন্দনৰ জোৱাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 12, 2021 9:10 am
virushka-daughter-crictoday-1610362702

নৱবৰ্ষৰ প্ৰথমভাগতে অনুৰাগীসকলক ভাল খৱৰটো দিছে বিৰাট কোহলিয়ে। সোমবাৰে দুপৰীয়া মুম্বাইৰ এখন হাস্পাতলত দীপলিপ এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে বিৰাটৰ পত্নী অনুষ্কা শৰ্মাই।

মাতৃ আৰু কন্যা দুয়োগৰাকীয়েই ভালে থকাৰ কথাও জনালে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে।

ইয়াৰ পাছতে অনুৰাগীসকলে শুভেচ্ছাৰে উপচাই পেলালে বিৰুষ্কাক। বলীউদৰ তাৰকা, ক্ৰিকেটাৰকে ধৰি সাধাৰণ জনতা সকলেই বিৰুষ্কাৰ গৃহত লক্ষ্মীৰ আগমনক লৈ উৎসাহ প্ৰকাশ কৰিলে।

আনহাতে, ভাতৃৰ কন্যা জন্মৰ প্ৰথম ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে বিকাশ কোহলিয়ে।

ভিডিঅ’টোত মাত্ৰ এটাই ছবি শ্বেয়াৰ কৰা হৈছে য’ত বিৰুষ্কাৰ নৱজাতক কন্যাৰ ভৰি দুখন দেখা গৈছে।

ছবিৰ কেপশ্যনত বিকাশে ঘৰলৈ দেৱ শিশু অহাৰ বাবে তেওঁ কিমান উৎফুল্লিত সেয়া লিখিছে। বিৰাট কোহলিৰ ককায়েক বিকাশ এগৰাকী ব্যৱসায়ী।

বিৰাটৰ দৰেই ফিটনেছ ধৰি ৰখা বিকাশ ছচিয়েল মিডিয়াত অতি সক্ৰিয় থাকে। নিজৰ ভতিজীৰ প্ৰথমটো ভিডিঅ’ সেয়েহে বিকাশেই শ্বেয়াৰ কৰে।

 

View this post on Instagram

 

A post shared by Vikas Kohli (@vk0681)