NORTHEAST NOW (Assamese)
অসম

বহিঃৰাজ্যত পুনৰ অসম সন্তানৰ ৰহস্যজনক মৃত্যু

Posted by: চানু গগৈ Updated by: চানু গগৈ January 15, 2021 7:37 am

মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত ছটাবড়ী গাঁৱৰ পৰমেশ্বৰ ডেকাই বৃহস্পতিবাৰে বহিঃৰাজ্যৰ কেৰালাত ৰহস্যজনক ভাৱে মৃত্যুক সাৱটি ল’ব লগা হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, প্ৰয়াত লোকজনে মাইক্ৰ’ফাইনেঞ্চৰ পৰা লোৱা ঋণ পৰিশোধ কৰাৰ মানসেৰে কৰ্মসংস্থানৰ বাবে কেৰালালৈ গৈছিল।

মাঘৰ বিহুৰ দিনাই ঘৰলৈ অতি দুখজনকভাৱে তেওঁৰ মৃত্যুৰ খবৰটো আহে।

অৱশ্যে দুদিন আগলৈকে সুস্থ সবল হৈ থকা এজন ব্যক্তিৰ কেনেকৈ মৃত্যু হ’ল তাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই।

মৃত্যুৰ সময়ত তেখেতে এগৰাকী কন্যা, এজন পুত্ৰ আৰু পত্নীক এৰি থৈ যায়।

আনহাতে, পৰিয়ালটোৰ বাবে দুখৰ খবৰ যে কিছু দিন পিছত একমাত্ৰ ছোৱালীজনীৰ শুভ বিবাহৰ দিন ধাৰ্য্য হৈ আছিল।