NORTHEAST NOW (Assamese)
অসম

সৰ্ববৃহৎ ক্ষেপনাস্ত্ৰৰে পুনৰ শক্তি প্ৰদৰ্শন উত্তৰ কোৰিয়াৰ শাসক কিম জঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 15, 2021 4:04 pm
missle

সৰ্ববৃহৎ ক্ষেপনাস্ত্ৰ  প্ৰদৰ্শনেৰে পুনৰ উত্তৰ কোৰিয়াৰ শাসক কিম জং আনে বিশ্ববাসীক জনাই দিলে নিজৰ শক্তিৰ কথা।

উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ানজিয়াঙৰ সমীপতে দেশ খনৰ অস্ত্ৰৰ প্ৰদৰ্শনীত উত্তৰ কোৰিয়াই প্ৰদৰ্শন কৰিলে এবিধ বিশেষ অস্ত্ৰৰ।

আমেৰিকাৰ সৈতে উত্তৰ কোৰিয়াৰ সম্পৰ্কৰ পুনৰ অৱনতি ঘটাৰ সময়তে দেশ খনে এনেদৰে সৰ্ববৃহৎ অস্ত্ৰ প্ৰদৰ্শন কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

উত্তৰ কোৰিয়াৰ সামৰিক বিশেষজ্ঞ গৰাকীয়ে প্ৰকাশ কৰা মতে শেহতীয়াকৈ প্ৰদৰ্শিত অস্ত্ৰসমূহৰ ভিতৰত ছাবমেৰিন লঞ্চড বেলিষ্টিক মিছাইল নামৰ অস্ত্ৰ বিধ পানীৰ তলৰ পৰাও মাৰি পঠিয়াব পৰা যায়।

এই মিছাইল বিধ ইমান দিনে উত্তৰ কোৰিয়াই গোপনে ৰাখিছিল যদিও শেহতীয়াকৈ ইয়াক জনতাৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হয়।

ইপিনে উত্তৰ কোৰিয়াই দেশ খনৰ অস্ত্ৰ ভাণ্ডাৰ প্ৰদৰ্শন কৰাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দক্ষিণ কোৰিয়াই।

দক্ষিণ কোৰিয়াৰ এগৰাকী চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰা মতে উত্তৰ কোৰিয়াই এতিয়া সমগ্ৰ বিশ্বৰ বাবে ভাবুকি কঢ়িয়াই আনিব পৰা অস্তৰ মজুত কৰি ৰাখিছে।

এই ক্ষেত্ৰত যদি দেশ খনক সংযত কৰা নাযায় তেন্তে এদিন সমগ্ৰ বিশ্ব মহাসংকটৰ গ্ৰাসত পৰিব লাগিব বুলি মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে উত্ৰ কোৰিয়াৰ হাতত এতিয়াও এনে অস্ত্ৰ মজুত আছে যি অস্ত্ৰৰ জৰিয়তে দেশ খনে আন চুবুৰীয়া দেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।

উল্লেখ্য ২০১৭ চনত উত্তৰ কোৰিয়াই আন্তঃমহাদেশীয় মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰিছিল। যি মিছাইলে নিমিষতে আমেৰিকা ধ্বংস কৰি দিব পাৰে।