NORTHEAST NOW (Assamese)
অসম

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 16, 2021 11:04 am

বিগত ১০ মাহৰো অধিক সময় মিজোৰামত গীৰ্জা সমূহ বন্ধ হৈ থকাৰ পাছত ফেব্ৰুৱাৰিৰ পৰা পুনৰ গীৰ্জা সমূহ উপাসনাৰ বাবে খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মিজোৰামত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা হ্ৰাস পোৱাৰ পাছতে গীৰ্জা সমূহ সীমিত উপস্থিতিৰে জনসাধাৰণক উপাসনাৰ বাবে পুনৰ খুলি দিয়া হ’ব।

ইপিনে, মিজোৰামৰ ৰাজ্য চৰকাৰে ৰাজ্যখনত বিদ্যালয় সমূহ দশমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ২২ জানুৱাৰিৰ পৰা পুনৰ খোলাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

মিজোৰাম চৰকাৰে শুকুৰবাৰে বিধায়ক, চিকিৎসক আৰু গীৰ্জাৰ লগতে সমাজিক গোটৰ উপস্থিতিত এখন বৈঠকত অংশগ্ৰহণ কৰে আৰু এই বৈঠকতে উক্ত সিদ্ধান্ত সমূহ গ্ৰহণ কৰা হয়।

বৈঠকত অন্য ৰাজ্যৰ পৰা আহিবলগীয়া লোক সকলক বাধ্যতামূলক ক’ৰ’না পৰীক্ষা কৰাৰো সিদ্ধান্ত লোৱা হয়।

কোভিডৰ সংক্ৰমণৰ বাবে মিজোৰামত বিগত বৰ্ষৰ ২২ মাৰ্চৰ পৰা গীৰ্জা সমূহ বন্ধ হৈ আছিল।

উল্লেখযোগ্য যে, মিজোৰামত বিগত ২৪ ঘণ্টাত কোনো লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নায়।

মিজোৰামত মুঠ ৪৩১০ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে বৰ্তমান মাত্ৰ ৯৬ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।