NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ January 18, 2021 7:40 pm
index.jpgaa

মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে মাৰ্ঘেৰিটা মহকুমাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বিৰুদ্ধে ১৪৪ ধাৰাৰ জৰিয়তে নিশেধাজ্ঞা আৰোপ কৰাৰ পাছতো মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শনেৰে বৰ্তমানেও ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে ধঁপাত-গুটখা ব্যৱসায়ীয়ে।

ইয়াৰ বিৰুদ্ধে আজি মাৰ্ঘেৰিটা আহোম সভাৰ তৰফৰ পৰা এনে অসাধুচক্ৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ চাদা, জৰ্দা, গুটখা আদি জব্দ কৰি মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ভস্মীভূত কৰে।

আহোম সভাৰ অৰ্ধশতাধিক সদস্যই আজি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আৰক্ষী প্ৰশাসন তথা মহকুমা প্ৰশাসনক এনে অবৈধ চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

উল্লেখ যে এনে অবৈধ ধঁপাত-গুটখা ব্যৱসায়ী চক্ৰই একাংশ আৰক্ষী-মহকুমা প্ৰশাসনৰ বিষয়াক মেনেজ কৰি এনে বেহা ৰমৰমীয়াকৈ চলাই যুৱপ্ৰজন্মৰ ধ্বংসৰ গঢ়ালৈ নিছে বুলি অভিযোগ উত্থাপন হৈছে।