NORTHEAST NOW (Assamese)
অৰুণাচল

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 18, 2021 8:25 pm
Arunachal

লাডাখৰ ভাৰত-চীন সৈন্যই মুখামুখি সংঘৰ্ষত লিপ্ত থকাৰ সময়তে চীনে ভাৰতৰ পূৱ প্ৰান্তৰ ৰাজ্য অৰুণাচল প্ৰদেশত চীনা গাঁও নিৰ্মাণ কৰিলে।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এনডিটিভি-এ প্ৰকাশ কৰা বাতৰি অনুসৰি হিমালয় পাদদেশৰ   ভাৰত গণৰাজ্যৰ অংগৰাজ্য অৰুণাচল প্ৰদেশ চীনে ১০১ টা আৱাস গৃহৰে এখন নিৰ্মাণ কৰা এখ গাঁও উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানটোৰ বাতৰি মতে উক্ত উপগ্ৰহীয় চিত্ৰক ২০২০ নৱেম্বৰৰ ১ তাৰিখে বিভিন্ন বিশেষজ্ঞই বিশ্লেষণ কৰি সেয়া সঁচা বুলি নিশ্চিত কৰিছিল।

বাতৰিটোৰ মতে ৪.৫ কিলোমিটাৰ ভাৰতৰ ভূমিৰ অভ্যন্তৰৰ অৰুণাচল প্ৰদেশৰ পূৱ সোৱণশিৰি জিলাৰ টাছি নদীৰ পাৰত চীনে উক্ত গাঁওখন নিৰ্মাণ কৰিছে।

উল্লেখ্য যে যোৱা বৰ্ষৰ জুনত মাহত পশ্চিম লাডাখৰ গালৱান উপত্যকাত ভাৰত আৰু চীন সৈনাৰ মুখামুখি সংঘৰ্ষত ২০ গৰাকীকৈ ভাৰতীয় সৈন্যৰ নিহত হৈছিল।

ইফালে ২০১৯ নৱেম্বৰ মাহত বিজেপি সাংসদ টাপিৰ গাৱে অভিযোগ কৰিছিল যে অৰুণাচল প্ৰদেশৰ ভাৰতীয় ভূ-ভাগৰ ৫০-৬০ কিলোমিটাৰ পৰ্যন্ত এলেকা চীনে দখল কৰিছিল।

আনকি সাংসদ গাৱে এইবুলিও দাবী কৰিছিল ভাৰতৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী যশোৱন্ত সিঙে ভাৰতীয় সৈন্যৰ বাহিনীৰ কেম্পটেইন হিচাপে নিয়োজিত হৈ থকা এলেকাকো চীনে দখল কৰিছিল।