NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 19, 2021 12:03 pm
Aditya singh airport4

ৰোমাঞ্চকৰ হলীউদি চলচ্চিত্ৰৰ দৰে এই ঘটনা। লছ এঞ্জেলছৰ অ’হাৰেত ইন্টাৰনেশ্যনেল এয়াৰপ’ৰ্টত ঘটা এনে এক ঘটনাই সম্প্ৰতি পোহৰলৈ আহিছে।

তিনিমাহৰো অধিক কাল ধৰি সেই এয়াৰপ’ৰ্টৰ ভিতৰতেই বাস কৰি থাকিল কেলিফ’ৰ্ণিয়াৰ ৩৬বছৰীয়া আদিত্য সিং নামৰ এগৰাকী ব্যক্তি।

যোৱা বছৰৰ ১৯ অক্টোবৰত লছ এঞ্জেলছৰ অ’হাৰে ইন্টাৰনেশ্যনেল এয়াৰপ’ৰ্টলৈ আহিছিল এই ব্যক্তিগৰাকী। বিমানত যোৱাৰ কথা আছিল যদিও কৰ’নাৰ ভয়ত তেওঁৰ আৰু বিমান উঠা নহ’ল।

পিচে, তেওঁ উভতিও নগ’ল। কৰ’নাৰ আতংকত তিনিমাহ ধৰি এয়াৰপ’ৰ্টৰ সংৰক্ষিত অঞ্চলতেই থাকি গ’ল আদিত্য সিং।

তেওঁ জানিবলৈ দিয়ে যে টাৰ্মিনেল-৩ৰ এগৰাকী বিষয়াৰ বেজ এটা তেওঁ ভাগ্যক্ৰমে পাই যায় আৰু সেইটোৰেই এয়াৰপ’ৰ্টৰ ভিতৰত থাকিবলৈ লয়।

যোৱা ১৬ জানুৱাৰিলৈকে তেওঁ নিশ্চিন্তে থকাৰ পাছত এয়াৰপ’ৰ্টৰ দুগৰাকী কৰ্মচাৰীয়ে তেওঁক চিনাক্ত কৰে। ইয়াৰ পাছতে সকলো ঘটনা পোহৰলৈ আহে।

এয়াৰপ’ৰ্টৰ এগৰাকী কৰ্মচাৰীয়ে তেওঁৰ পৰিচয়পত্ৰ দেখুৱাবলৈ কোৱাত তেওঁ সেই বেজটো দেখুৱায়। কিন্তু সেই বেজটো দৰাচলতে এয়াৰপ’ৰ্টৰ এগৰাকী অপাৰেশ্যন মেনেজাৰৰ আছিল।

যোৱা অক্টোবৰত মেনেজাৰগৰাকীয়ে সেইটো হেৰুওৱাৰ কথা এয়াৰপ’ৰ্ট অথৰিটিক জনাইছিল যাৰ বাবে ঘটনাটো ধৰা পৰিবলৈ আৰু বেছি সময় নালাগিল।

বাতৰি অনুসৰি, আদিত্য সিং লছ এঞ্জেলছৰ এখন চহৰ লগোৱা অঞ্চলত বাস কৰে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কোনো পূৰ্বৰ অপৰাধৰ সূত্ৰ বিচাৰি পোৱা নাই।

আদিত্য সিঙে সেই ১৯ অক্টোবৰত চিকাগো যোৱাৰ বাবে এয়াৰপ’ৰ্টলৈ আহিছিল। তেওঁৰ বিৰুদ্ধে সংৰক্ষিত অঞ্চলত অবৈধ প্ৰৱেশৰ অভিযোগ অনা হৈছে।

বাতৰি মতে, আদিত্যই এতিয়া জামিনৰ বাবে ১হাজাৰ আমেৰিকান ডলাৰ আদায় দিব লাগিব। এই টকা আদায় দিয়াৰ পাছত জামিন পালেও তেওঁক আৰু এয়াৰপ’ৰ্টত সোমাবলৈ দিয়া নহ’ব বুলি কোৱা হৈছে।