NORTHEAST NOW (Assamese)
অসম

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 20, 2021 7:44 am

অহা ৫ ফেব্ৰুৱাৰিৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলটো আজি ঘোষণা কৰা হৈছে।

চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ প্ৰথম দুখন মেচৰ বাবেহে ঘোষণা কৰিছে ভাৰতীয় দলটো।

লক্ষ্যণীয় কথাটো হ’ল আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অংশ ল’ব নোৱাৰা অনুভৱী বেগী বলাৰ ঈশান্ত শৰ্মাক ইংলেণ্ডৰ বিৰুদ্ধে ১৮ জনীয়া ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে।

চেতন শৰ্মাৰ অধ্যক্ষতাত নৱনিযুক্ত নিৰ্বাচক সমিতিয়ে ঘোষণা কৰা দলটোত ঈশান্ত শৰ্মাৰ উপৰি যশপ্ৰীত বুমৰাহ আৰু ৰবিচন্দ্ৰন আশ্বিনকো দলত স্থান দিয়া হৈছে।

এই দুয়োজন বলাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টত আঘাত পাইছিল।

ভাৰতীয় দলে চেন্নাইত ইংলেণ্ডৰ বিৰুদ্ধে অহা ৫ ফেব্ৰুৱাৰিৰ পৰা ৯ ফেব্ৰুৱাৰিলৈকে প্ৰথমখন টেষ্ট আৰু ১৩ৰ পৰা ১৭ ফেব্ৰুৱাৰিলৈকে দ্বিতীয়খন টেষ্টত অংশ ল’ব।

উল্লেখ্য যে বৰ্তমান ইংলেণ্ড দলটো শ্ৰীলংকা ভ্ৰমণত আছে আৰু তেওঁলোকে ২৭ জানুৱাৰিত চেন্নাইলৈ ৰাওনা হ’ব।

ভাৰতীয় দলটো

বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা, শুভমন গীল, মায়ংক আগ্ৰৱাল, চেতেশ্বৰ পূজাৰা, আজিংক ৰাহানে, ঋষভ পণ্ট, ৰিদ্ধিমান সাহা(উইকেটকীপাৰ), আৰ আশ্বিন, হাৰ্দিক পাণ্ডিয়া, লোকেশ ৰাহুল, জশপ্ৰীত বুমৰাহ, ঈশান্ত শৰ্মা, মহম্মদ ছিৰাজ, চাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেল।