NORTHEAST NOW (Assamese)
অসম

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

Posted by: চানু গগৈ Updated by: চানু গগৈ January 20, 2021 8:05 am

মৰিগাঁও জিলাৰ পশ্চিমাঞ্চলৰ জাগীভকত গাঁৱৰ মায়ং খণ্ড উন্নয়ন কাৰ্যালয়ৰ সমীপৰ বিষ্ণু ৰাভা ৰংগমঞ্চত মঙলবাৰে এখন বিশাল সজাগতা সভা অনুষ্ঠিত হৈ যায়।

ৰাজ্য চৰকাৰৰ অভিলাসী কনকলতা মহিলা সবলীকৰণ আঁচনিৰ পৰা ৫০,০০০ টকাকৈ লাভ কৰা আত্ম সহায়ক গোটৰ সদস্য সকলক সজাগ কৰাৰ লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা অনুষ্ঠিত হয় এই সভা।

২০১৬ চনৰ পাছত বেংকৰ পৰা ঋণ লৈ পৰিশোধ কৰা বচা বচা গোট সমূহক পুনৰ ৫০ হাজাৰ টকাকৈ দিবলৈ সাজু হোৱাৰ সমান্তৰালকৈ মায়ং উন্নয়ন খণ্ডৰ ৩৫৯ টা গোটে এই সুবিধা লাভ কৰিছে বুলি গ্ৰামীণ জীৱিকা অভিযানে ঘোষণা কৰে।

লগতে পৰৱৰ্তী সময়ত আৰু গোটক এই সুবিধা দিয়া হ’ব বুলি ASRLM ৰ বিষয়া সকলে জানিবলৈ দিয়ে।

মায়ং খণ্ড উন্নয়ন বিষয়া জুৰি শইকীয়াই সভাপতিত্ব কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্য ও নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা।

অসমত ইতিমধ্যে প্ৰায় আঢ়ৈ লাখ আত্ম সহায়ক গোটে পঁচিশ হাজাৰকৈ টকা পাইছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

লগতে মন্ত্ৰীগৰাকীয়ে বেংকৰ পৰা লোৱা ঋণ পৰিশোধ কৰিলে কিদৰে লাভবান হ’ব পাৰি তাৰো এটি আভাষ দাঙি ধৰে।

ইয়াৰ উপৰি নাবাৰ্ডৰ বিষয়া, বেংকৰ বিষয়া, জীৱিকা সখী বেংক সখী, ASRLM ৰ বিষয়া সকলেও সজাগতা সভাত বক্তব্য ৰাখে।

অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ আত্মসহায়ক গোটৰ লগতে প্ৰায় সহশ্ৰাধিক ৰাইজ উপস্থিত থাকে।