NORTHEAST NOW (Assamese)
অসম

ক’ৰ’ণাতংকৰ বাবে বাতিল হোৱাৰ দিশে ট’কিঅ’ অলিম্পিক! গোপন বৈঠকত বহিল জাপানৰ চৰকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2021 1:33 pm
a japan

বহু প্ৰত্যাশিত ট’কিঅ’ অলিম্পিক হয়তো যিকোনো মূহূৰ্ততে বাতিল হ’ব পাৰে।

ক’ৰ’ণাতংকৰ বাবেই জাপানৰ চৰকাৰে অলিম্পিক বাতিল কৰাৰ পক্ষে মত দি আহিছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

The Times  কাকতৰ বাতৰি অনুসৰি ট’কিঅ’ অলিম্পিক বাতিল কৰাৰ বাবে জাপানৰ চৰকাৰে ইতিমধ্যে এক গোপন বৈঠকত মিলিত হৈছে।

অৱশ্যে এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাই এই বিষয়ত কোনো মন্তব্য প্ৰকাশ কৰা নাই।

ইতিমধ্যে জাপানৰ চৰকাৰে ট’কিঅ’ অলিম্পিকত বিদেশৰ কোনো খেলুৱৈয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে।

বিদেশৰ খেলুৱৈৰ পৰা ক’ৰ’ণাৰ সংক্ৰমণ ঘটাৰ আশংকা কৰিয়েই জাপানৰ চৰকাৰে কিছুদিন পূৰ্বে অলিম্পিকত বিদেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছিলি।

এতিয়া জাপানৰ চৰকাৰে অলিম্পিক একেবাৰে বাতিল কৰিবলৈ ওলাইছে বুলি প্ৰকাশিত খবৰে সমগ্ৰ বিশ্বৰে ক্ৰীড়াপ্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে।

এতিয়ালৈকে জাপানৰ চৰকাৰে অলিম্পিক বাতিলৰ আনুষ্ঠানিক ঘোষণা কৰা নাই

উল্লেখ্য ট’কঅ’ত যোৱা বছৰতে অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ৰ’ণাতংকৰ বাবে সেয়া পিছুৱাই দিয়া হৈছিল।

অলিম্পিকৰ ১২৪ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে অলিম্পিক পিছুৱাই দিয়া হৈছিল।

২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া অলিম্পিক এতিয়া জাপানৰ চৰকাৰে একেবাৰে বাতিল কৰিব বুলি খবৰ প্ৰকাশ পোৱাত স্বাভাৱিকতে হতাশ হৈ পৰিছে বিশ্বৰ বিভিন্ন দেশৰ খেলুৱৈসকল।

খবৰ অনুসৰি এইবাৰ বাতিল হ’লেও পৰৱৰ্তী অলিম্পিক জাপানতে অনুষ্ঠিত কৰাৰ বাবে জাপানৰ চৰকাৰে চেষ্টা অব্যাহত ৰাখিব।

অৱশ্যে চৰকাৰী ভাবে ঘোষণা কৰাৰ পিছতহে অলিম্পিক বাতিলৰ বিষয়টো স্পষ্ট হৈ পৰিব।