NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা January 22, 2021 2:59 pm

কৃষ্ণাইত চোৰাং কাঠ ব্যৱসায়ীয়ে কাঠ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছে নতুন কৌশল।

মহেন্দ্ৰ পিকআপ বা ট্ৰাক নহয়, বন বিভাগৰ চকুত ধূলি দি যাত্ৰীবাহী বাহনেৰে চোৰাং কাঠ সৰবৰাহ৷  জিলা খনৰ কৃষ্ণাইত বনবিভাগে জব্দ কৰিলে চোৰাং কাঠসহ এখন যাত্ৰীবাহী টেম্পো।

এই অভিযানৰ নেতৃত্ব দিয়া মহিলা বন বিষয়াক ফেচবুকযোগে শুভেচ্ছা জনালে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

বন বিভাগৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে চোৰাং কাঠ ব্যৱসায়ী সকলে ব্যৱহাৰ কৰিছে নিত্য নতুন নতুন কৌশল।

চোৰাং কাঠ সৰবৰাহৰ বাবে এতিয়া ব্যৱহাৰ কৰিছে যাত্ৰীবাহী বাহন তথা বিলাসী বাহন।

তাৰ পিছতো কিন্তু বনকৰ্মী চকুৰ পৰা সাৰি যাব পৰা নাই চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়ী কৰা লোক সকল।

এক গোপন সূত্ৰৰ পম খেদি কৃষ্ণাই বনাঞ্চলিক কাৰ্যালয়ৰ মহিলা বন বিষয়া শিবাণী পেগু দলেৰ নেতৃত্বত এটা দলে অভিযান চলাই কৃষ্ণাইৰ হাৰিমূৰাৰ পৰা শাল কাঠ ভৰ্তি এখন টেম্পো বাহন জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ টকা হ’ব বুলি জানিবলৈ দিছে।

যাত্ৰীবাহী বাহন বা বিলাসী বাহনেৰে চোৰাং কাঠ সৰবৰাহ কৰাৰ ঘটনা এইটোয়ে প্ৰথম নহয়, কেইদিনমান পূৰ্বে এখন ভান আৰু এখন মাৰুতি ৮০০ কাঠসহ কৰায়ত্ত কৰিছে।

দুস্কৃতিকাৰীয়ে যিমানে কৌশল অৱলম্বন নকৰক কিয়, সেয়া কেতিয়াও সফল হ’ব নোৱাৰে বুলি হুংকাৰ দিয়ে মহিলা বন বিষয়া শিবাণী পেগু দলেই।

আনহাতে মহিলা বন বিষয়া গৰাকী আৰু বনকৰ্মীৰ দলটোৰ কৰ্মক প্ৰশংসা কৰি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিজ ফেচবুক পেজত এটা পোষ্ট কৰা পৰিলক্ষিত হয়।