NORTHEAST NOW (Assamese)
অসম

বিস্ফোৰক গ্ৰেগ চেপেল! ভাৰতীয় তৰুণ সকলৰ তুলনাত অষ্ট্ৰেলিয়ানবোৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 24, 2021 12:42 pm
WhatsApp Image 2021-01-24 at 12.14.49 PM

ইমানদিনে ভাৰতৰ ভ্ৰমণত টেষ্ট ছিৰিজ সহজতেই জিকি আহিছিল অষ্ট্ৰেলিয়াই। কিন্তু সেই দিন যেন উকলিল।

২০১৮-১৯ চনৰ পৰাই ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণে নতুন দিনৰ ইংগিত বহন কৰিছে। চলিত ছিৰিজটোত অজিংকা ৰাহানেৰ নেতৃত্বৰ ভাৰতীয় তৰুণ ক্ৰিকেটাৰসকলে সাম্প্ৰতিক টেষ্ট ক্ৰিকেটৰ সমীকৰণেই সলনি কৰি দিছে।

অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতীয় তৰুণসকলে দপদপনিৰে যিদৰে ছিৰিজ দখল কৰিলে তাত অবাক হৈ পৰিছে অষ্ট্ৰেলিয়াৰ এসময়ৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ তথা প্ৰাক্তন ভাৰতীয় প্ৰশিক্ষক গ্ৰেগ চেপেল।

ভাৰতীয় তৰুণ ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শন দেখি চেপেলৰ মনত ধাৰণা হৈছে যে অষ্ট্ৰেলিয়াৰ তৰুণ ক্ৰিকেটাৰসকল এতিয়াও প্ৰাথমিক স্কুলৰ ছাত্ৰ।

চেপেলে অষ্ট্ৰেলিয়াক প্ৰতিভা বিচাৰি উলিওৱাৰ বাবে সঠিকভাৱে বিনিয়োগ কৰাৰ পৰামৰ্শ দিছে।

দেশখনৰ এখন সংবাদপত্ৰত চেপেলে লিখিছে,’’আমাৰ তৰুণসকল সপ্তাহৰ শেষৰ যোদ্ধা।  ভাৰতীয় ক্ৰিকেটাৰসকলক চাওক। ১৬ বছৰৰ অনুৰ্দ্ধৰ পৰাই তেওঁলোকে প্ৰতিযোগিতামূলক ক্ৰিকেটৰ প্ৰত্যাহ্বান গ্ৰহণকৰিবলৈ শিকিছে। যেতিয়া মানে তেওঁলোকে মূল একাদশত স্থান পায় তেতিয়ালৈকে অলৰাউণ্ড দক্ষতা ভালদৰেই আহৰণ কৰি নিজকে প্ৰস্তুত কৰি লৈছে। সেয়ে, ৰাষ্ট্ৰীয় দলত তেওঁলোকৰ সফলতাৰ হাৰ অধিক।‘’

উল্লেখ্য যে সদ্যসমাপ্ত ছিৰিজত অষ্ট্ৰেলিয়াই উইল পুকোভস্কি, গ্ৰীণ কেমেৰুণৰ দৰে কেইবাগৰাকীও নতুন ক্ৰিকেটাৰক সুযোগ দিছিল যদিও তেওঁলোকৰ প্ৰদৰ্শন তেনেদৰে উজলি উঠা দেখা নগ’ল।

চেপেলৰ মতে, ‘’লিখিবলৈ ভয় হৈছে। কিন্তু ভাৰতীয় দলৰ সৈতে অভিজ্ঞতাৰ তুলনাত পুকোভস্কি, গ্ৰীণ আদি এতিয়াও প্ৰাথমিক স্কুলৰ ছাত্ৰ।‘’