NORTHEAST NOW (Assamese)
অসম

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ January 24, 2021 7:33 pm
FB_IMG_1611484341539

সহায়-The Helping Hand নামৰ মাৰ্ঘেৰিটা নৱপ্ৰজন্মৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত আজি মাৰ্ঘেৰিটাৰ আলুবাৰীৰ ৰাজখোৱা পথাৰত চাফাই অভিযান চলায়।

অলপতে ৰাজখোৱা পথাৰত প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ অনুষ্ঠিত হৈছিল ফলত সেই ঠাইডোখৰত যথেষ্ট আৱৰ্জনা আদি জমা হৈছিল।

আজি সহায়-The Helping Hand নামৰ মাৰ্ঘেৰিটাৰ নৱপ্ৰজন্মৰ যুৱক-যুৱতী সকলৰ ঐক্যবদ্ধ ভাৱে গঠন হোৱা স্বেচ্ছাসেৱী সংগঠনটোৱে ৰাজখোৱা পথাৰত উপস্থিত হৈ  স্থানীয় ৰাইজৰ সহযোগত ঠাইডোখৰ স্বচ্ছতা বাবে ব্যৱস্থা গ্ৰহণ কৰে।

উল্লেখ্য যে ভোগালী বিহু উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

অন্যহাতে স্থানীয় ৰাইজৰ অভিযোগ ভোগালী উৎসৱ উদযাপন কৰা উদোগতা সকলে পথাৰখনত বিশেষ ভাৱে পৰিস্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।

ফলত ধান খেতিৰ বাবে বিখ্যাত পথাৰ খন অপৰিস্কাৰ হৈ পৰে।

আজি স্থানীয় নৱপ্ৰজন্মৰ ঐক্যবদ্ধ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য সকলে এইদৰে ৰাজখোৱা পথাৰ পৰিস্কাৰৰ বাবে আগবাঢ়ি অহাৰ বাবে স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে।