NORTHEAST NOW (Assamese)
অসম

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 25, 2021 7:51 am
Samujjal-750x375

সদৌ অসম ছাত্ৰ সন্থাৰ চমুকৈ আছুৰ হৈ কোনো আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

তেজপুৰৰ প্ৰশান্ত ল’জত দেওবাৰে অনুষ্ঠিত এখন সংবাদমেলত এইকথা স্পষ্ট কৰি দিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুৰ মুখ্য উপদেষ্টা হৈ থাকিবনে নাথাকে সেই সন্দৰ্ভতো মন্তব্য কৰে।

সাধাৰণ সম্পাদক বৰুৱাই কয়,’’সমুজ্জ্বল ভট্টাচাৰ্য আছুত থাকিব নে নাই সেই সিদ্ধান্ত পৰৱৰ্তী কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰিব। বৰ্তমান তেওঁৰ কোনো সাংবিধানিক দায়িত্ব নাই। সেয়ে কাৰ্যনিৰ্বাহক অনুষ্ঠিত নোহোৱা পৰ্যন্ত তেওঁ আছুৰ হৈ কোনো আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব। আছুৰ বক্তব্য জনোৱাৰ অধিকাৰ কেবল সভাপতি আৰু সাধাৰণ সম্পাদকৰহৈ আছে।‘’

আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ এই বক্তব্যই ৰাজ্যখনৰ শক্তিশালী ছাত্ৰ সংগঠনটোৰ মাজত চলি থকা আভ্যন্তৰীণ সংঘাতৰ বহিৰ্প্ৰকাশ বুলিয়েই ধাৰণা কৰা হৈছে।

উল্লেখ্য যে শনিবাৰে গুৱাহাটীৰ শ্বহীদ ন্যাস ভৱনৰ প্ৰতিবাদস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু সংবাদ মাধ্যমৰ সন্মুখত ড০ ভট্টাচাৰ্যই আগবঢ়োৱা মন্তব্যৰ পাছতে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে এইদৰে স্থিতি স্পষ্ট কৰি দিছে।