NORTHEAST NOW (Assamese)
অসম

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 26, 2021 12:56 pm
Republic day parade in delhi

দেশে আজি ইয়াৰ ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। তদুপলক্ষে ৰাজধানী নতুন দিল্লীৰ ৰাজপথত অনুষ্ঠিত হৈছে পেৰেড।

ভাৰতে আজি বিশ্বৰ সন্মুখত নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ দেশখনৰ বৈচিত্ৰময় সাংস্কৃতিৰ প্ৰদৰ্শনো দাঙি ধৰা হয়।

দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু আন বিশিষ্ট ব্যক্তিসকলে দেশৰ জনসাধাৰণক গণৰাজ্য দিৱসৰ অভিনন্দন জনাইছে।

গণৰাজ্য দিৱসৰ পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত গৈ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তিনিটা সেনা বাহিনীৰ মুৰব্বীসকলো উপস্থিত থাকে।

ইয়াৰ পাছতে ৰাজপথত গৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ত্ৰিৰংগা পতাকা উত্তওলন কৰে।

ৰাজপথত গণৰাজ্য দিৱসৰ পেৰেড পুৱা ১০ বজাৰ লগে লগে আৰম্ভ হয়। প্ৰথমতে হেলিকপ্টাৰেৰে পুষ্পবৰ্ষণ কৰা হয়।

গণৰাজ্য দিৱসত প্ৰথমবাৰৰ বাবে চুবুৰীয়া বাংলাদেশৰ সশস্ত্ৰ বাহিনীৰ ১২২ জন সেনাৰ এটা দলে দিল্লীৰ ৰাজপথত মাৰ্চত অংশগ্ৰহণ কৰে। দলটোত বাংলাদেশৰ সেনা, নৌ বাহিনী আৰু বিমান বাহিনীৰ সদস্যই অংশগ্ৰহণ কৰে।

আজিৰ পেৰেডত বিশ্বৰ শক্তিশালী যুদ্ধ টেংক টি-৯০ ভীষ্ম টেংকো দেখা যায়। এই টেংকত এটা ১২৫ মিলিমিটাৰৰ গান আছে যিয়ো বিভিন্ন ধৰণৰ আক্ৰমণ চলাব পাৰে।

ৰাজপথত নৌসেনা আৰু স্থল সেনাৰ সদস্যসকলে নিজৰ শক্তি প্ৰদৰ্শন কৰে। পেৰেডত অৰ্দ্ধ সামৰিক বাহিনী আৰু আন সহযোগী বাহিনীসমূহেও অংশ লয়।

আজিৰ গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত অসমৰ চাহ উদ্যোগৰ  প্ৰতীকপটেও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে।