NORTHEAST NOW (Assamese)
অসম

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 27, 2021 12:05 pm

অষ্ট্ৰেলিয়াৰ মাটিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখলৰ ক্ষেত্ৰত বিৰাট কোহলীৰ অনুপস্থিতিত ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব প্ৰদান কৰা আজিংক ৰাহানে শেহতীয়াভাৱে উত্থাপন হৈ থকা অধিনায়ক বিতৰ্ক সন্দৰ্ভত মত ব্যক্ত কৰিছে।

‘‘বিৰাট আমাৰ অধিনায়ক আৰু সহায় টেষ্ট দলৰ অধিনায়ক হৈ থাকিব মই তেওঁৰ সহ-অধিনায়ক,’’ আজিংক ৰাহানে কয়।

‘‘বিৰাট কোহলীয়ে মোৰ পৰা যথেষ্টখিনি আশা কৰে আৰু মই তেওঁৰ সেই আশা পূৰণ কৰাৰ চেষ্টা কৰো,’’ ৰাহানে লগতে কয়।

উল্লেখযোগ্য যে, ভাৰতে শেহতীয়ে ভাৱে অষ্ট্ৰেলিয়াৰ মাটিত ২-১ ব্যৱধানত টেষ্ট শৃংখলাত বিজয়ী হৈছিল।

বিৰাট কোহলীয়ে প্ৰথমখন খেলত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰি নিজ দেশলৈ উভতি আহিছিল আৰু উক্ত খেলখনত ভাৰতে শোচনীয়ভাৱে পৰাস্ত হৈছিল।

পৰৱৰ্তী সময়ত আজিংক ৰাহানে এটা আঘাতপ্ৰাপ্ত ভাৰতীয় দলৰ সৈতে শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজ দি ভাৰতীয় দলক টেষ্ট শৃংখলা উপহাৰ দিছিল।

ৰাহানেৰ নেতৃত্বত ভাৰতে টেষ্ট শৃংখলা জয় কৰাৰ পাছতে আজিংক ৰাহানেক ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব অৰ্পন কৰা সন্দৰ্ভত যথেষ্ট চৰ্চা চলিছিল।

আজিংক ৰাহানে নিজ মুখে এই সকলো প্ৰশ্নৰ উত্তৰ দি বিৰাট কোহলী ভাৰতীয় দলৰ অধিনায়ক হিচাপে থকাটো স্পষ্ট কৰি দিয়ে।