NORTHEAST NOW (Assamese)
অসম

আই চি চিৰ অভিনৱ উদ্যোগ, ফুটবলৰ দৰে প্ৰতি মাহে শ্ৰেষ্ঠ ক্ৰিকেটাৰক কৰিব পুৰস্কৃত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 27, 2021 1:16 pm

আই চি চিয়ে প্ৰতি বছৰে টেষ্ট, এদিনীয়া আৰু টি-২০ ফৰ্মেটত সৰ্বেশ্ৰেষ্ঠ ক্ৰিকেটাৰ বাচনি কৰি পুৰস্কৃত কৰি আহিছে।

ঠিক একেদৰে দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নামো ঘোষণা কৰি আহিছে।

কিন্তু এইবাৰ আন্তৰ্জাতিক ক্ৰিকেট সংস্থাই ফুটবলৰ দৰে এক নতুন উদ্যোগ আৰম্ভ কৰিছে। এতিয়াৰে পৰা আই চি চিয়ে প্ৰতি মাহতে শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নাম ঘোষণা কৰিব।

অৱশ্যে টেষ্ট, এদিনীয়া বা টি-২০ ফৰ্মেটত বেলেগ বেলেগ কৈ নহয় তিনিওটা ফৰ্মেট মিলি মাহৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ গৰাকীক বাচনি কৰা হ’ব।

ইয়াৰ অৰ্থ হৈছে যিকোনো ফৰ্মেটত চমৎকাৰ প্ৰদৰ্শন আগবঢ়োৱা ক্ৰিকেটাৰে এই বঁটা লাভ কৰিব পাৰে।

এই ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ প্ৰদৰ্শন এই বঁটাৰ বাবে বিবেচনা কৰা হ’ব।

মাহৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ নিৰ্বাচনৰ ক্ষেত্ৰত অনুৰাগীসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰাক্তন ক্ৰিকেটাৰ, প্ৰচাৰক আৰু সাংবাদিকসকলৰ মতামতো বিবেচনা কৰা হ’ব।

প্ৰতি মাহৰ দ্বিতীয় সোমবাৰে আই চি চিয়ে যোৱা মাহৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নাম ঘোষণা কৰিব।

২০২১ৰ জানুৱাৰি মাহৰ পৰা প্ৰযোজ্য হ’ব এই পুৰস্কাৰ। অৰ্থাৎ জানুৱাৰিৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ গৰাকীক ফেব্ৰুৱাৰিত পুৰস্কৃত কৰা হ’ব।

আই চি চিৰ উদ্বোধনী ‘প্লেয়াৰ অফ দ্যা মান্থ’ৰ দৌৰত আছে জ’ ৰুট, ষ্টিভ স্মিথৰ উপৰি ঋষভ পণ্ট, মহম্মদ ছিৰাজ, টি নটৰাজন, ৱাশ্বিংটন সুন্দৰ আৰু চাৰ্দুল ঠাকুৰৰ দৰে ক্ৰিকেটাৰ।