NORTHEAST NOW (Assamese)
Popular Stories

কাশ্মীৰৰ কুলগামত আইডি বিস্ফোৰণ : ১ গৰাকী জোৱান নিহত, আহত ৩ জোৱান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 27, 2021 6:19 pm
index.jpg

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সংঘটিত হৈছে এক শক্তিশালী আইডি বিস্ফোৰণ।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বুধবাৰে পুৱা সংঘটিত হোৱা এই বিস্ফোৰণত ২৪ ৰাষ্ট্ৰীয় ৰাইফলছ এগৰাকী জোৱান নিহত হোৱাৰ লগতে অন্য তিনিগৰাকী জোৱান আহত হৈছে।

“শোভনপুৰা চৰকাৰী মধ্য বিদ্যালয়ৰ ২৪ ৰাষ্ট্ৰীয় ৰাইফলছৰ ছাউনীত পুৱা ১০.১৫ বজাত পূৰ্বতে স্থাপন কৰি থোৱা এটা আইডি বিস্ফোৰণ হোৱাৰ ফলত চাৰিগৰাকী জোৱান আহত হয়। আটাইকেইগৰাকীকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু আঘাতপ্ৰাপ্ত এগৰাকী জোৱানৰ মৃত্যু হয়।” আৰক্ষী সূত্ৰই কয়।

বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে নিৰাপত্তা বাহিনীয়ে বিস্ফোৰণত জড়িত লোকসকলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।