NORTHEAST NOW (Assamese)
অসম

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 28, 2021 5:59 pm
CBSC-Exam-750x375

বৃহস্পতিবাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকে চিবিএছচিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা সম্পৰ্কে গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

যোৱা কেইমাহৰ ভিতৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে কেইবাৰো দেশত শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন শ্ৰেণীৰ সৈতে অনলাইন লাইভত মত বিনিময় কৰিছে।

বৃহস্পতিবাৰে চিবিএছচিৰ স্কুলৰ মুৰব্বীসকলৰ সৈতে তেওঁ আলোচনা কৰে। দুপৰীয়া ২ বজাৰ পৰা লাইভত এই অনুষ্ঠান আৰম্ভ হয়।

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপ্ৰেক্ষিতত ২০২১-২২ শিক্ষাবৰ্ষত চিবিএছচিৰ পাঠ্যক্ৰমত কি কি পৰিৱৰ্তন আহিব বৈঠকত সেই বিষয়ে বিতং আলোচনা কৰা হয়।

আলোচনা কালত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰে যে অহা ২ ফেব্ৰুৱাৰিত চিবিএছচিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী প্ৰকাশ কৰা হ’ব।

অহা মাৰ্চৰ পৰাই কেন্দ্ৰীয় বোৰ্ডৰ ব্যৱহাৰিক পৰীক্ষাসমূহ আৰম্ভ হ’ব। ১মাৰ্চৰ পৰা ব্যৱহাৰিক পৰীক্ষা আৰম্ভ হ’ব। সংশ্লিষ্ট কৰ্তৃপক্ষই চৰকাৰী নীতি-নিয়মসমূহ মানি সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

প্ৰতিবছৰে ফেব্ৰুৱাৰি-মাৰ্চ মাহত চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হয় যদিও এইবাৰ কোভিড মহামাৰীৰ পৰিস্থিতিত সকলো সলনি হৈ পৰিছে।