NORTHEAST NOW (Assamese)
অসম

গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমস্থান অধিকাৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰতীকপদৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 28, 2021 7:44 pm

গণৰাজ্য দিৱসৰ পেৰেডত উত্তৰ প্ৰদেশৰ প্ৰতীকপদ ৰাম মন্দিৰে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা প্ৰতিখন ৰাজ্যৰ প্ৰতীকপদক চেৰ পেলাই উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰকীকপদে শ্ৰেষ্ঠত্ব অৰ্জন কৰে।

উত্তৰ প্ৰদেশৰ প্ৰতীকপদত অলপতে অযোধ্যাত আৰম্ভ হোৱা প্ৰস্তাৱিত ৰাম মন্দিৰক সুন্দৰকৈ উপস্থাপন কৰা হৈছিল।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰ প্ৰদেশ চৰকাৰক প্ৰথম পুৰস্কাৰ প্ৰদান কৰিব।

উল্লেখযোগ্য যে, গণৰাজ্য দিৱসৰ পেৰেডত প্ৰতিখন ৰাজ্যই নিজা নিজা প্ৰতীকপদ উপস্থাপন কৰে।

চলিত বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমে নিজৰ প্ৰতীকপদত অসমৰ চাহ শিল্পক তুলি ধৰিছিল।

ইপিনে, বায়োটেকনোলজি বিভাগে আত্মনিৰ্ভৰ ভাৰতক প্ৰতিফলিত কৰি ভাৰতত কোভিড ভেকচিন বিকাশৰ বিভিন্ন স্তৰ উপস্থাপন কৰিছিল।

অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱাৰ পাছতে বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত দেশত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে  অনুদান সংগ্ৰহ যাত্ৰা আৰম্ভ হৈছে।