NORTHEAST NOW (Assamese)
অৰুণাচল

চাংলাঙত চিংফৌসকলৰ ৰাজহুৱা সভা : আগন্তুক অৰুণাচল বিধানসভা নিৰ্বাচনত সম্প্ৰদায়টোৰ এগৰাকী প্ৰাৰ্থীকে থিয় কৰাব বৰডুমচা-ডিয়ুন সমষ্টিত

Posted by: লক্ষ্মণ শৰ্মা March 18, 2018 4:42 pm
ChanglangMap

আগন্তুক বিধানসভা নিৰ্বাচনত ৪৯ বৰডুমচা-ডিয়ুন সমষ্টিত চিংফৌ সম্প্ৰদায়ৰে কেবাজনো প্ৰাৰ্থী থিয় হৈ ভোটাৰসকলক বিভ্ৰান্ত কৰাটো ৰোধ কৰাৰ বাবে ৰাজ্যখনৰ চাংলাং জিলাৰ চিংফৌ হে’ৰিটে’জ চেণ্টাৰত আজি দেওবাৰে চিংফৌসকলৰ এখন ৰাজহুৱা সভা আহ্বান কৰা হৈছে।

চিংফৌসকলৰ নিজৰ মাজৰ সকলো বিবাদ এৰি একেটা সম্প্ৰদায়ৰে কেবাজনো প্ৰাৰ্থী থিয় হোৱাৰ ফলত হোৱা ‘অনাকাংক্ষিত’ বিভ্ৰান্তি এৰাই চলিবৰ বাবেই এই সভাখন আহ্বান কৰা হৈছে।

এন ই নাওৰ সৈতে হোৱা কথা-বতৰাত চাংলাঙৰ জিলা পৰিষদ সদস্য লেগাই জখং চিংফৌৱে কয় যে যোৱা ২০১৪ চনৰ নিৰ্বাচনত চিংফৌ প্ৰাৰ্থী জিকিব নোৱৰাৰ বাবে সম্প্ৰদায়টোৰ লোকসকলে নিজৰ নেতাসকলকে দায়ী কৰিছে।

তেওঁ জনাই যে আজিৰ সভাৰ পিছতে সম্প্ৰদায়টোৰ এগৰাকী প্ৰাৰ্থী ঠিক কৰি তেওঁকে সমৰ্থন আগবঢ়োৱাৰ বাবে নিৰ্দিষ্ট কাৰ্য্যসূচী লৈ সম্প্ৰদায়টো আগবাঢ়ি যাব।

আনহাতে সম্প্ৰদায়টোৰ লোকসকলৰ মাজত বিভাজন ৰোধ আৰু ৰাজ্যখনৰ আন ঠাইৰ প্ৰাৰ্থীক যাতে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ বাবে চিংফৌ যুৱ সংস্থা, চিংফৌ উন্নয়ন সমাজ আদি চিংফৌ সংগঠন এই সভাৰ পূৰ্বেই একেৰাহে বৈঠকত বহি আহিছিল।

সম্প্ৰদায়টোৰ তথাকথিত ‘উচ্চাকাংক্ষী’ নেতাসকলৰ গোড়ামিৰ বাবেই ২০১৪ চনৰ নিৰ্বাচনত বৰ্তমানৰ বিধায়ক নিখ কামিনৰ হাতত মাত্ৰ ১২৫০ টা ভোটত তিনিগৰাকী চিংফৌ প্ৰাৰ্থী পৰাজিত হ’ব লগা হৈছিল বুলি বৰডুমচাৰ এজন যুৱ নেতাই এই প্ৰতিবেদকৰ আগত ক্ষোভ উজাৰিছে।

কিন্তু ৰাজ্যিক বিজেপিৰ সম্পাদক, স্থানীয় ব্যৱসায়ী মায়ং মায়’, বিজেপিৰ ৰাজ্যিক সমন্বয়ক, প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী চি চি চিংফৌ আৰু অৰুণাচল চৰকাৰৰ কেবিনে’ট মন্ত্ৰী কামলুং ম’ছাঙৰ ভায়েক চামলুং ম’ছাং আটায়ে অহা নিৰ্বাচনত দলটোৰ টিকেট পাব বুলি আশা পালি আছে।

এনে অৱস্থাত আজিৰ সভাখনৰ সিদ্ধান্ত ৰাজনৈতিকভাৱে তাৎপৰ্য্যপূৰ্ণ হ’ব বুলি ধাৰণা কৰা হৈছে।