NORTHEAST NOW (Assamese)
অসম

পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা; কমেও ১০ জন নিহত, ২৫জনৰো অধিক আহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 30, 2021 11:38 am
WhatsApp Image 2021-01-30 at 11.18.40 AM

শনিবাৰে পুৱাই উত্তৰ প্ৰদেশৰ মোৰাদাবাদত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন মিনিবাছ আৰু ট্ৰাকৰ মাজত সংঘটিত সংঘৰ্ষত কমেও ১০ জন লোক নিহত হোৱাৰ খৱৰ পোৱা গৈছে।

বাতৰি অনুসৰি, দুৰ্ঘটনাত আন ২৫জনৰো অধিক লোক আহত হোৱাৰ খৱৰ পোৱা গৈছে। এই দুৰ্ঘটনাৰ শোক প্ৰকাশ কৰি নিহতসকলৰ পৰিয়াললৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

ঘটনা অনুসৰি, শনিবাৰে পুৱাই মোৰাদাবাদৰ পৰা কুন্দৰকি থানা অঞ্চলত এই শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, এখন মিনিবাছ আৰু ট্ৰাকৰ সংৰ্ঘষ লগাৰ পাছত আৰু এখন গাড়ী আহি দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখনত খুন্দা মাৰে। ফলত হতাহতৰ সংখ্যা অধিক বৃদ্ধি পাইছে।

আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হাস্পাতললৈ প্ৰেৰণ কৰে। আহতসকলৰ মাজৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

গোটেই দুৰ্ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহত সকলৰ পৰিয়ালৰ আত্মীয়লৈ সমবেদনা জনোৱাৰ লগতে ২লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিছে।

আনহাতে, দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ বাবে ৫০হাজাৰকৈ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰখনে।