NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ বুঢ়াপাহাৰত ট্ৰাক দুৰ্ঘটনা : ১২ টা গৰুসহ ১ জন লোক থিতাতে নিহত; আহত আন এজন

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা January 30, 2021 3:06 pm
Kaliabor

কলিয়াবৰৰ বুঢ়াপাহাৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন গৰু ভৰ্তি ট্ৰাক দ’ খাৱৈত বাগৰি পৰাৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

ঘটনাৰ বিৱৰণীৰ মতে কলিয়াবৰৰ জখলাবন্ধা থানাৰ অন্তৰ্গত বুঢ়াপাহাৰত গৰু কঢ়িয়াই অনা ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰি দুৰ্ঘটনাত পতিত হৈছে।

এই দুৰ্ঘটনাৰ ফলত এজন লোক থিতাতে নিহত আৰু আন এজন গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে ট্ৰাকখনত থকা ১২ টাকৈ গৰুৰ মৃত্যু ঘটিছে।

নিহত লোকজনৰ নাম ৰমজান আলী বুলি জানিব পৰা গৈছে। আহত মাজাৰুল হকক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি AS 23 BC 5339 নম্বৰৰ গৰু ভৰ্তি তীব্ৰ বেগী ট্ৰাকখন তিনচুকীয়াৰ পৰা নগাঁৱৰ ৰূপহীলৈ আহি থকাৰ সময়ত পুৱা প্ৰায় ৮ বজাত নিয়ন্ত্ৰণ হেৰুৱাই বুঢ়াপাহাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষৰ গছত খুন্দা মাৰি কাষৰ দ’ ঠাইত বাগৰি পৰে।

অৱশ্যে দুৰ্ঘটনাৰ খবৰ লাভ কৰি জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে বিভাগীয় কাম কাজ আৰম্ভ কৰে।