NORTHEAST NOW (Assamese)
অসম

এছিয়ান ক্ৰিকেট সংস্থাৰ সভাপতি নিৰ্বাচিত হ’ল বিচিচিআইৰ সচিব জয় শ্বাহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 31, 2021 7:38 am
Jay-Shah-Amit-Shah-Sourav-Ganguly

নিয়ম অনুসৰি বিচিচিআইৰ সচিব হিচাপে পদৰ ম্যাদ শেষ হৈছে জয় শ্বাহৰ। সভাপতি সৌৰভ গাংগুলীৰ সৈতে তেওঁৰো ম্যাদ বৃদ্ধিৰ বাবে জনোৱা আবেদন এতিয়াও বোৰ্ডৰ ফালৰ পৰা চূড়ান্ত কৰা হোৱা নাই।

বিচিচিআইত জয় শ্বাহৰ ভৱিষ্যৎ আদালতৰ ওপৰত নিৰ্ভৰ কৰিছে যদিও আপাতত: তেওঁ সেই পদত কাৰ্যনিৰ্বাহ কৰি আছে।

কিন্তু ইয়াৰ মাজতে এক গধূৰ দায়িত্ব লাভ কৰিছে বিচিচিআইৰ সচিব তথা কেন্দ্রীয গৃহমন্ত্রী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে। এইবাৰ তেওঁ এছিয়ান ক্ৰিকেট সংস্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে।

শনিবাৰে এছিয়ান ক্ৰিকেট কাউন্সিলৰ ভাৰ্চুৱেল বাৰ্ষিক সাধাৰণ সভাত শ্বাহক নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।

জয় শ্বাহে বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ সভাপতি নজমূল হুছেইনৰ পৰা এই দায়িত্ব গ্ৰহণ কৰিছে।

বৰ্তমান ৩২ বছৰীয়া জয় শ্বাহ এছিয়ান ক্ৰিকেট সংস্থাৰ আটাইতকৈ কম বয়সীয়া সভাপতি হিচাপে নিৰ্বাচিত হৈছে।

বিচিচিআইৰ ফালৰ পৰা এক বিবৃতি জাৰি কৰি শ্বাহক অভিনন্দন জনোৱা হয়। বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে জয় শ্বাহক নতুন দায়িত্ব প্ৰাপ্তিৰ বাবে শুভেচ্ছা জনাইছে।