NORTHEAST NOW (Assamese)
অসম

কোভিডৰ উৎপত্তিস্থল বিচাৰি য়ুহানৰ সাগৰীয় বজাৰত উপস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 31, 2021 3:59 pm

কোভিডৰ উৎপত্তিস্থল বিচাৰি চীনত উপস্থিত হোৱা বিশ্বা স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটোৱে আজি য়ুহানৰ বজাৰত উপস্থিত হয়।

বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে উপস্থিত হোৱা য়ুহানৰ বজাৰখনৰ পৰাই প্ৰথম কোভিড ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল।

বিগত বৰ্ষৰ জানুৱাৰি মাহৰ পৰাই বন্ধ হৈ থকা সাগৰীয় খাদ্যৰ বজাৰখনত বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে নিচিদ্ৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে প্ৰৱেশ কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটোৱে শনিবাৰে য়ুহানৰ চিকিৎসালয়ত উপস্থিত হৈছিল।

উক্ত চিকিৎসালয়খনত প্ৰথম কোভিড ৰোগী সকলৰ চিকিৎসা প্ৰদান কৰা হৈছিল।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটোৱে চীনত উপস্থিত হোৱাৰ পাছতে দুসপ্তাহ নিৰ্ধাৰিত কোৱাৰেণ্টাইন সামৰি শনিবাৰৰ পৰা কোভিডৰ উৎপত্তিস্থল সম্পৰ্কত নিজৰ অভিযান আৰম্ভ কৰিছে।

ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোক চীন চৰকাৰে বিভিন্ন ভিছা সংক্ৰান্তীয় বিষয় দেখুৱাই চীন ভ্ৰমণ কৰাত বাধা প্ৰদান কৰি আছিল।