আজি বিশ্ব এইডছ দিৱস : শৰীৰত এইচ্ছ আই ভিৰ বীজাণু কঢ়িয়ায়ো বিশ্ব জিনিছে মণিপুৰৰ প্ৰদীপ কুমাৰ সিঙে

আজি বিশ্ব এইডছ দিৱস। এইচ্ছ আই ভিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ লক্ষ্যৰ লগতে এইচ্ছ আই ভিত আক্ৰান্তসকলৰ প্ৰতি সহমৰ্মিতা তথা সমৰ্থন আগ বঢ়োৱাৰ উদ্দেশ্যে ১৯৮৮ চনৰ পৰা বিশ্ব এইডছ দিৱস উদযাপন কৰি অহা হৈছে। মানৱ সমাজত ত্ৰাসৰ প্ৰতীক হৈ পৰা এইচ্ছ আই ভিত আক্ৰান্ত লোকৰ সংখ্যা সমগ্ৰ বিশ্বত প্ৰায় ৩৭ মিলিয়ন হ’ব। আনহাতে প্ৰায় সম সংখ্যক লোকৰ মৃত্যু হৈছে এইচ্ছ আই ভিত আক্ৰান্ত হৈ। তথ্যমতে কেৱল ইংলেণ্ডতে আছে এক লাখতকৈ অধিক আক্ৰান্ত লোক। তথ্যমতে এইচ্ছ আই ভিয়ে হ’ল মানৱ ইতিহাসত আটাইতকৈ ডাঙৰ ঘাতক ৰোগ। গতিকে ইয়াৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ অভিযান সমগ্ৰ বিশ্বতে বিভিন্ন কাৰ্য্যসূচীৰে কৰা হয়। কিন্তু আশাৰ বতৰা যে এইচ্ছ আই ভিত আক্ৰান্ত হৈয়ো মানুহে এটা স্বাভাৱিক জীৱন যাপন কৰাৰ কিছুমান দৃষ্টান্ত স্থাপন কৰিছে কিছুমান দৃঢ় মনোবলৰ গৰাকীয়ে। কেৱল জীৱন যাপনেই নহয়, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য সফলতাও দেখুৱাইছে। মেজিক জনছনৰ দৰে বিখ্যাত বাস্কেটবল খেলুৱৈ, (যিজনে অৱশ্যে এইচ্ছ আই ভি পজিটিভ বুলি গম পোৱাৰ পিছত খেল এৰি দিছিল), হলি জনছনৰ দৰে বিখ্যাত গায়কো তাৰ মাজত আছে। এই প্ৰসংগত আমাৰ তেনেই ওচৰৰ ৰাজ্য মণিপুৰৰ প্ৰদীপ কুমাৰো এক বিৰল দৃষ্টান্ত। কিয়নো প্ৰদীপ কুমাৰে শৰীৰত এইচ্ছ আই ভিৰ বীজাণু লৈয়ে ২০০৬ চনত মি. মণিপুৰৰ খিতাপ জিকে। তাতকৈ চমৎকাৰ সৃষ্টি কৰি তেওঁ ২০১২ চনত বিশ্ব ব’ডি বিল্ডিঙত ব্ৰঞ্জৰ পদক জিনে।

এক সাক্ষাৎকাৰত প্ৰদীপ কুমাৰে কোৱা মতে তেওঁৰ শৰীৰত এইচ্ছ আই ভিৰ বীজাণু থকাৰ কথা গম পায় ২০০০ চনত। কৈশোৰত তেওঁ ড্ৰাগছ আসক্তিত ভুগিছিল আৰু ব্যৱহৃত ছিৰিঞ্জ ব্যৱহাৰৰ জৰিয়তে তেওঁৰ গালৈ এই বীজাণু বিয়পিছলি। যেতিয়া তেওঁ প্ৰথম নিজকে এইচ্ছ আই ভি পজিটিভ বুলি গম পায়, চকুলোৰে দুগাল ভৰি গৈছিল। তেওঁ ভাবিছিল খুব বেছি এক বা দুই সপ্তাহ তেওঁ জীয়াই থাকিব। লগ-বন্ধুৱে তেওঁৰ সংগ ত্যাগ কৰিছিল। কিন্তু তেওঁ লাহে লাহে এই দুৰ্ভাগ্যক হজম কৰিবলৈ শিকি পেলাইছিল। তেওঁ নিজৰ ইমমিউনিটি (শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা) বৃদ্ধি কৰাৰ কথা চিন্তা কৰিবলৈ ধৰিলে। আৰু সিদ্ধান্ত ল’লে যে তেওঁ ব’ডি বিল্ডিং কৰিব। এয়াই আছিল এটা বিস্ময়কৰ সফলতাৰ আৰম্ভণি বিন্দু। তেওঁ জিমত ক্ৰমে কঠোৰৰ পৰা কঠোৰতম পৰিশ্ৰম কৰিবলৈ ধৰিলে, লগতে বৰ্তাই ৰাখিলে দৃঢ় মনোবল। ইয়াৰে পৰিণাম স্বৰূপে তেওঁ ২০০৬ চনত প্ৰথমবাৰৰ বাবে ব’ডি বিল্ডাৰ হিচাপে ৰাজহুৱাকৈ ভূমুকি মাৰিলে মি. মণিপুৰ প্ৰতিযোগিতাত। তাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। লাহে লাহে তেওঁ নিজৰ বিষয়ে ৰাজহুৱা কৰিবলৈ ধৰিলে। তেওঁ এই কথা দৃঢ়তাৰে প্ৰমাণ কৰিব বিচাৰিলে যে এইচ্ছ আই ভি পজিটিভ হৈয়ো এটা স্বাভাৱিক জীৱন কটাব পাৰি। ২০১২ চনত তেওঁ মি. দক্ষিণ এছিয়া খিতাপ জিকে আৰু একে বছৰতে মি. ৱ’ৰ্ল্ড প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক পায়। এইদৰেই লাহে লাহে তেওঁ মণিপুৰৰ এক কিংবদন্তি ব্যক্তিত পৰিণত হ’ল। তেওঁ আজি কেৱল মণিপুৰৰে নহয়, বিশ্বৰ সকলো এইচ্ছ আই ভিত আক্ৰান্ত লোকৰ বাবে এক আদৰ্শ। তেওঁ এইচ্ছ আই ভিত আক্ৰান্তসকললৈ বাৰ্তা দি কয় যে আক্ৰান্ত হোৱাৰ বাবে নিজকে অভিশাপ দি নহয়, সাহস আৰু সুস্থতাৰ সৈতে জীয়াই থাকিবলৈ মনোবল গোটাওক।
You may also like
উত্তৰ গুৱাহাটী সংযোগী দলঙৰ বাবে বহিঃ পুঁজিত অনুমোদন কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ৰ
ভৰলুমুখ আৰু উত্তৰ গুৱাহাটী সংযোগী প্ৰস্তাৱিত ৬ পথযুক্ত দলংখনৰ বাবে ধাৰ্য কৰা বহিঃ পুঁজিৰ বাবে সেউজ সংকেত দিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ে। গুৱাহাটী…
প্ৰথমবাৰৰ বাবে বিশ্ব বাণিজ্য সংস্থাৰ নেতৃত্ব দিব এগৰাকী মহিলাই
আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন প্ৰশাসনৰ সমৰ্থন তথা দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ পাছত ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্ব বাণিজ্য সংস্থাক এগৰাকী…
আপুনি জানেনে? ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়ন আছিল ৰাহুল গান্ধী; লাভ কৰিছিল মাৰ্চিয়েল আৰ্টৰ ব্লেক বেল্ট
ভাৰতীয় ৰাজনীতিত বৰ্তমানলৈকে এজন ব্যৰ্থ ৰাজনীতিকৰূপে পৰিগণিত কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী এজন ক্ৰীড়াবিদো আছিল। ৰাষ্ট্ৰীয় ৰাজনীতিলৈ অহা পূৰ্বে তেওঁ ক্ৰীড়াক্ষেত্ৰত…
চোমন বাংচুকৰ চীনা সামগ্ৰী বয়কটৰ আহ্বানক সহাৰি দি টিকটকক বিদায় জনালে বলিউদ অভিনেতা মিলিন্দ চোমনে
লাডাখৰ অভিযন্তা চোনম ৱাংচুকৰ ‘চীনা সামগ্ৰী বয়কট আন্দোলন’ৰ প্ৰতি সহাৰি দিছে বলিউদ অভিনেতা, চুপাৰ মডেল তথা অসমৰ জোৱাই মিলিন্দ চোমনে। টিকটককে ধৰি…