NORTHEAST NOW (Assamese)
Popular Stories

দৃষ্টান্তমূলক নিদৰ্শন এগৰাকী মহিলা আৰক্ষী উপ পৰিদৰ্শৰ : কান্ধত তুলি নিলে অচিনাক্ত বৃদ্ধৰ মৃতদেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2021 5:48 pm
index.jpgj

এগৰাকী মহিলা আৰক্ষী উপ পৰিদৰ্শকৰ এক দৃষ্টান্তমূলক কামে দেশজুৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে।

তেলেংগানাৰ শ্ৰীকাকুলাম জিলাৰ কাশীবুগ্গা আৰক্ষী থানাৰ শিৰিষা নামৰ উপ পৰিদৰ্শকগৰাকীয়ে এটা অচিনাক্ত মৃতদেহ ১ কিলোমিটাৰ দূৰত্ব নিজ কান্ধত ভাৰলৈ অহাৰ বাবে বিশেষভাৱে চৰ্চালৈ আহিছে।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আৰক্ষী থানাটোৰ অন্তৰ্গত আডভি কুঠুৰা অঞ্চলত এটা অচিনাক্ত মৃতদেহ পৰি থকাৰ খবৰ লাভ কৰি উপ পৰিদৰ্শক শিৰিষাই ততাতৈয়াকৈ গৈ সেই স্থানত উপস্থিত হয়।

ঘটনাস্থলীত উপস্থিত হৈয়ে উপ পৰিদৰ্শকগৰাকীয়ে অচিনাক্ত মৃতদেহটো তাৰ পাৰ উঠাই আনিবলৈ সেই স্থানত উপস্থিত থকা লোকসকলক অনুৰোধ কৰে।

কিন্তু অচিনাক্ত মৃতদেহটো তুলি ল’বলৈ কোন লোক আগবাঢ়ি নহাত আৰক্ষী উপ পৰিদৰ্শক শিৰিষাই নিজেই কান্ধত তুলি নিয়াৰ সিদ্ধান্ত লৈ আগবাঢ়ি যায়।

ইয়াৰ পিছতে স্থানীয় এটা স্বেচ্ছাসেৱী সংগঠনৰ দুজনমান সদস্যই শিৰিষাক সহযোগ কৰে আৰু এজনৰ সহযোগ শিৰিষাই প্ৰায় ১ কিলোমিটাৰ দূৰত্ব অনিচাক্ত বৃদ্ধগৰাকীৰ মৃতদেহটো কঢ়িয়াই আনে।

মহিলা আৰক্ষী উপ পৰিদৰ্শক শিৰিষাৰ এই দৃষ্টান্তমূলক কামক তেলেংগানা আৰক্ষীয়ে প্ৰশংসা কৰিছে।

“চেল্যুট মেডাম, আমি গৌৰৱেৰে আপোনাৰ কৰ্মক চেল্যুট দিছো, আপুনি পৰিধান কৰা পোছাকযোৰ আৰু কৰ্তব্যক আপুনি যতাৰ্থতে সন্মানিত কৰিছে।” তেলেংগানা আৰক্ষীয়ে শিৰিষাক প্ৰশংসা কৰি এইদৰে কয়।