NORTHEAST NOW (Assamese)
অসম

যোৰহাটৰ জাঁজীমুখত অগ্নিকাণ্ড, বাসগৃহ ভষ্মীভূত

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক February 4, 2021 8:14 pm

যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ ওপৰ শগুনপাৰাত আজি বিয়লী এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়।

জানিবপৰা মতে, অগ্নিকাণ্ডটোৰ ফলত প্ৰশান্ত কায়ুং আৰু অন্তৰা কায়ুংৰ বাসগৃহ সম্পূ্ৰ্নৰূপে অগ্নিত জাহ যায়।

অৱশ্যে এই অগ্নিকাণ্ডৰ ফলত বৰ্তমানলৈ কোনোধৰণৰ জনধন আৰু পশুধনৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

বৈদ্যুতিক শ্বৰ্ট শ্বাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

ইপিনে, অগ্নিকাণ্ডটোৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হৈছে বুলি জানিব পৰা গৈছে। ঘৰৰ টিন-পাতৰ লগতে ঘৰৰ আভ্যন্তৰত ব্যৱহৃত সা-সৰঞ্জামো অগ্নিত জাহ যায়।

আনহাতে, অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ প্ৰয়োজনীয় ব্যৱস্থা হাতত লৈছে।

অগ্নি নির্বাপক বাহিনীৰ দলে বহু প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।