NORTHEAST NOW (Assamese)
অসম

দেশৰ মাটিত প্ৰথমবাৰৰ বাবে টেষ্ট খেলিবলৈ খেলপথাৰত নামিল যশপ্ৰীত বুমৰাহে, ল’লে উইকেটো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 5, 2021 3:23 pm
WhatsApp Image 2021-02-05 at 2.54.30 PM

দেশৰ মাটিত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ খেলিবলৈ বৃহস্পতিবাৰে খেলপথাৰত নামিল ভাৰতৰ তাৰকা পেচ বলাৰ যশপ্ৰীত বুমৰাহ।

ঘৰুৱা মেচত তেওঁ আজি ইতিমধ্যে প্ৰথমটো উইকেটো লাভ কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন টেষ্টত লৰেন্সক আউট কৰি বুমৰাহে টেষ্টত দেশৰ মাটিত প্ৰথমটো উইকেট হস্তগত কৰে।

২০১৮চনৰ ৫ জানুৱাৰিত টেষ্ট অভিষেক ঘটা বুমৰাহে টেষ্ট মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কেপটাউনত প্ৰথম খেলপথাৰত নামিছিল।

বৰ্তমানলৈকে মুঠতে ১৭ খন টেষ্ট খেলা তাৰকা পেচাৰগৰাকীয়ে তিনি বছৰত মুঠতে ৭৯টা উইকেট দখল কৰিছে। তথাপি আশ্চৰ্যকৰভাৱে ভাৰতৰ মাটিত তেওঁ এইবাৰহে প্ৰথম টেষ্ট খেলিলে।

চেন্নাইৰ চেপাক ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথম টেষ্টখনত পীটছ মন্থৰ হ’লেও বুমৰাহে আৰু উইকেট লাভ কৰাৰ সম্ভাৱনা আছে।

ইংলেণ্ডৰ দলটো যথেষ্ট পৰিপক্ক আৰু দক্ষ যদিও বুমৰাহৰ বলিঙৰ যাদু কিমান চলে সেয়া অৱশ্যে সময়ৰ লগে লগে পৰিষ্কাৰ হৈ পৰিব।