NORTHEAST NOW (Assamese)
Popular Stories

জগত সভালৈ অসমীয়া সংগীত! : জাপানী ৰেডিঅ’ত উজলি উঠিল নৱতম অসমীয়া সংগীত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 7, 2021 3:04 pm
Uri Jaboloi Mon Jai

সংগীতৰ কোনো ভাষাৰ সীমাৱদ্ধা নাই, নাই কোনো ভৌগোলিক পৰিধি। ভাল সংগীতে ভাষা-দেশ-কালৰ পৰিধি ভাঙি আগুৱাই লাভ কৰে বিশ্বজনীন আৰু কালসাৰ্বজনীন প্ৰসাৰ আৰু প্ৰচাৰ।

অলপতে মুক্তি লাভ কৰা অসমীয়া এটা গীতেও ভৌগোলিক পৰিধি আৰু ভাষাৰ সীমাৱদ্ধতা চেৰ পেলাই উজলি উঠিছে এছিয়াৰ অন্যতম ঐশ্বৰ্যশালী দেশ জাপানত।

নৱবৰ্ষৰ পহিলা দিনটোতে মুক্তি লাভ কৰা অসমীয়া এই বিশেষ গীতটোৱে জাপানৰ প্ৰসিদ্ধ ৰেডিঅ’ ষ্ট্ৰীট চাউণ্ড ৰেডিঅত সম্প্ৰচাৰিত হৈছে।

অসমীয়া সংগীতকাৰ সিদ্ধাৰ্থ কাশ্যপৰ ৰচনা আৰু সংগীত ব্যৱস্থাপনাৰে তানুপ্ৰিয়া কলিতাই কণ্ঠদান কৰা উৰি যাবলৈ মন যায় শীৰ্ষক এই গীতটো সংগীতৰ প্ৰায়বোৰ প্ৰধান ডিজিটেল প্লেটফৰ্মতে মুক্তি দিয়া হৈছিল।

শনিবাৰে(৫ ফেব্ৰুাৱাৰি) জাপানৰ স্থানীয় সময় সন্ধিয়া ৬.৩০ বজাৰ ষ্ট্ৰীট চাউণ্ড ৰেডিঅৰ সংগীতৰ অনুষ্ঠান ষ্টীভ নিউ মিউজিক ৰিভিউ শ্ব’ নং ১০৩ত অসমীয়া সংগীত ক্ষেত্ৰৰ নৱতম উৰি যাবলৈ মন যায় শীৰ্ষক গীতটো সম্প্ৰচাৰ কৰা হয়।

ষ্ট্ৰীভৰ ৰেডিঅ’ অনুষ্ঠানটো এই লিংকত গৈ শুনিব পাৰিব : https://listen.ssr990.com/alt/

১ ঘণ্টা ১২ মিনিটৰ উক্ত অনুষ্ঠানটোৰ ৩২:৫০-৩৯:২৯ মিনিটত উৰিবলৈ মন যায় গীতটো সম্প্ৰচাৰ কৰা হয়।

গীতটো সম্প্ৰচাৰ হোৱাৰ পিছতেই এছ এছ আৰ ৰেডিঅ’ ইণ্ডি এলায়েন্সৰ শীৰ্ষ ১০ত অন্তভুৰ্ক্ত হ’বলৈও সক্ষম হৈছে উৰিবলৈ মন যায় গীতটো।

আনহাতে অনুষ্ঠানটোৰ এংকৰ ষ্টীভ বেনহামে অনুষ্ঠানৰ সামৰণিত তানুপ্ৰিয়া কলিতাৰ উৰিবলৈ মন যায় গীতটো উচ্চ প্ৰশংসা কৰাও দেখা যায়। যিটো অসমীয়া সংগীতৰ বাবে এক উল্লেখ্যযোগ্য প্ৰাপ্তি বুলি অভিহিত কৰিব পাৰি।