NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতসহ দক্ষিণ এছিয়াৰ টুইটাৰৰ পাব্লিক পলিচি সঞ্চালক মহিমা কৌলৰ পদত্যাগ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 7, 2021 7:38 pm

ভাৰতসহ দক্ষিণ এছিয়া টুইটাৰৰ পাব্লিক পলিচি সঞ্চালক মহিমা কৌলে টুইটাৰৰ পৰা পদত্যাগ কৰিব। এই কথা ঘোষণা কৰিছে টুইটাৰ কৰ্তৃপক্ষই।

টুইটাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ব্যক্তিগত কাৰণত টুইটাৰ বিষয়াগৰাকীয়ে পদত্যাগ কৰিছে আৰু তেওঁ অহা মাৰ্চ মাহলৈ উক্ত পদত কাৰ্যনিৰ্বাহ কৰি থাকিব।

“এই বৰ্ষটো আৰম্ভণিতে মহিমা কৌলে দক্ষিণ এছিয়া আৰু ভাৰতৰ টুইটাৰৰ পাব্লিক পলিচি সঞ্চালকৰ দায়িত্বৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। আমাৰ টুইটাৰৰ বাবে এয়া বৃহৎ ক্ষতি। যোৱা পাঁচ বছৰে জনসম্পৰ্কৰক্ষী হিচাপে নিজৰ দায়িত্ব আৰু কৰ্ম নিষ্ঠাৰে পালন কৰা মহিমাক আমি যথেষ্ট সন্মান কৰো। তেওঁ নিজৰ ব্যক্তিগত জীৱনতো গুৰুত্ব দিয়ক। অহা মাৰ্চলৈকে তেওঁ দায়িত্ব থাকিব।” টুইটাৰৰ পাব্লিক পলিচিৰ উপ সভাপতি ম’ণিক মেকে কয়।

উল্লেখ্য যে ভাৰত হৈছে আমেৰিকা আৰু জাপানৰ পিছতে বিশ্বৰ তৃতীয় মাক্ৰ’-ব্লগিং কোম্পানীৰ বজাৰ। ভাৰতৰ আগশাৰী চলচ্চিত্ৰ তাৰকা, ক্ৰীড়াবিদ, ৰাজনৈতিক নেতাসহ কেবা মিলিয়ন লোকে টুইটাৰ ব্যৱহাৰ কৰে।

স্মৰ্তব্য যে, দিল্লী সীমান্তত অব্যাহত থকা কৃষক বিক্ষোভৰ সপক্ষে হেজষ্টেগেৰে ২৫০ টা টুইটাৰ একাউন্টত আপত্তিজনক টুইট কৰা বুলি অভিযোগ তুলি উক্ত একাউন্টসমূহ ব্লক কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে টুইটাৰ কৰ্তৃপক্ষক আহ্বান জনাইছিল।

কেন্দ্ৰ আহ্বান ৰক্ষাৰ নকৰাৰ বাবে টুইটাৰলৈ কেন্দ্ৰীয় চৰকাৰে এক কঠোৰ পত্ৰও প্ৰেৰণ কৰিছিল।