NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ চেন্ট্ৰেল মলত অগ্নিকাণ্ড; লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 8, 2021 10:11 am
WhatsApp Image 2021-02-08 at 9.54.52 AM

সোমবাৰে পুৱাই খ্ৰীষ্টানবস্তিস্থিত চেন্ট্ৰেল মলৰ বাৰ কাম ৰেষ্টুৰেণ্টত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা।

শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।

পুৱা প্ৰায় ৮:০০ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি খবৰ পোৱা গৈছে।

চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুওৱাৰ চেষ্টা কৰে।

প্ৰায় ডেৰঘণ্টা জোৰা চেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন হোৱা বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ গৈছে বুলি সন্দেহ কৰা হৈছে।

চেন্ট্ৰেল মলৰ প্ৰথম মহলাত থকা আণ্ডাৰ দগত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।