NORTHEAST NOW (Assamese)
অসম

প্ৰথমবাৰৰ বাবে বিশ্ব বাণিজ্য সংস্থাৰ নেতৃত্ব দিব এগৰাকী মহিলাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2021 11:05 am
WhatsApp Image 2021-02-08 at 10.39.15 AM

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন প্ৰশাসনৰ সমৰ্থন তথা দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ পাছত ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্ব বাণিজ্য সংস্থাক এগৰাকী মহিলাই নেতৃত্ব দিবলৈ সাজু হৈছে।

সংস্থাৰ মুৰব্বী হিচাপে দায়িত্ব লৈছে আফ্ৰিকান বংশোদ্ভূত ৬৬ বছৰীয়া নগোজি অ’কেঞ্জো আইঅ’য়েলাই।

ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰই এক বিবৃতিৰ জৰিয়তে অ’কেঞ্জো আইঅ’য়েলাৰ প্ৰতি দেশখনৰ সমৰ্থন প্ৰকাশ কৰিছে। বিবৃতিটোত অ’কেঞ্জোৰ বিশ্ব বেংক তথা নাইজেৰিয়াৰ বিত্ত মন্ত্ৰ্যালয়ত কৰা কামকাজ আৰু অভিজ্ঞতাৰ প্ৰশংসা কৰা হয়।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প প্ৰশাসনে অ’কেঞ্জো আইঅ’য়েলাৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰি এয়া ৰোধ কৰি দিছিল।

ইয়াৰ পাছত কেইবামাহো ধৰি বিশ্ব বাণিজ্য সংস্থাৰ নতুন নেতৃত্বক লৈ সংশয়ৰ সৃষ্টি হৈছিল। এই পদৰ বাবে চূড়ান্ত আঠগৰাকী প্ৰাৰ্থীৰ মাজত এগৰাকী আছিল দক্ষিণ কোৰিয়াৰ বাণিজ্য মন্ত্ৰী ইয়ো মাইয়ুং হি।

বিগত কেইমাহত কূটনৈতিক চাপৰ মাজত ইয়ো মাইয়ুং হি-য়ে তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে।

অ’কেঞ্জো আইঅ’য়েলাই জানিবলৈ দিছে যে তেওঁ বিশ্ব বাণিজ্য সংস্থাৰ প্ৰয়োজনীয় সংস্কাৰ কাৰ্যসূচীৰ প্ৰতি আগ্ৰহী আৰু ইয়াৰ সমান্তৰালকৈ সংস্থাৰ কামকাজ আগবঢ়াই নিবলৈ যত্নপৰ হ’ব।