NORTHEAST NOW (Assamese)
অসম

১১ ফেব্ৰুৱাৰিত পুনৰ অসম ভ্ৰমণলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 9, 2021 7:52 pm

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ পুনৰ ১১ ফেব্ৰুৱাৰিত অসম ভ্ৰমণলৈ আহিব।

অমিত শ্বাহে এইবাৰৰ অসম ভ্ৰমণৰ সময়ত বঙাইগাঁৱত কোচ ৰাজবংশৰ অনন্ত ৰায়ক বাসগৃহলৈ গৈ সাক্ষাৎ কৰিব বুলিও জানিব পৰা গৈছে।

বঙাইগাঁও ভ্ৰমণৰ সময়ত অমিত শ্বাহক অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংগ দিব।

উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয়টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিছে।

ইয়াৰ পূৰ্বে অমিত শ্বাহে ২৩ জানুৱাৰিত দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ আহিছিল।

উক্ত ভ্ৰমণ সূচীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে কোকৰাঝাৰ আৰু নলবাৰীত বিশাল জনসভাক সাক্ষাৎ কৰিছিল।

অসমত চলিত বৰ্ষৰ এপ্ৰিল মাহত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি, কংগ্ৰেছ আদি ৰাজনৈতিক দলে কেন্দ্ৰীয় নেতাৰ সভা অনুষ্ঠিত কৰি চমক সৃষ্টিৰ প্ৰয়াস কৰিছে।