NORTHEAST NOW (Assamese)
অসম

ভাল কাম কৰা বাবেই বিজেপিয়ে ২০১৬ চনৰ পৰা অসমৰ বিভিন্ন নিৰ্বাচনত ক্ৰমাগতভাৱে সফলতা লাভ কৰি আহিছে : সোণোৱাল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2021 7:08 am
22-Sarbananda-Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ডিব্ৰুগড়, মৰাণ আৰু তিনিচুকীয়া বিধানসভা সমষ্টিৰ পৃষ্ঠাপ্ৰমুখ সকলৰ সন্মিলনত অংশগ্ৰহণ কৰি পৃষ্ঠাপ্ৰমুখসকলক অধিক দায়বদ্ধতাৰে নিজৰ দায়িত্ব সম্পাদন কৰাৰ বাবে আহ্বান জনায়।

‘‘আমাৰ সন্মুখন নিৰ্বাচন আছে। বিজেপিয়ে আকৌ চৰকাৰ গঠন কৰিব লাগিব। ৰাজ্যখনৰ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলো স্তৰৰে সৰ্বাংগীন বিকাশ তথা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ স্বপ্ন বাস্তৱায়িত হ’ব লাগিব,’’ সৰ্বানন্দ সোণোৱালে কয়।

বিজেপিয়ে সুযোগৰ সদব্যৱহাৰেৰে জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ দিশত সততাৰে কাম কৰি আহিছে আৰু ভবিষ্যতেও কাম কৰি যাব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।

দলৰ স্বাৰ্থত আৰু দেশৰ স্বাৰ্থত পৃষ্ঠাপ্ৰমুখ সকলে নিজৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি আগবাঢ়ি যাব লাগিব বুলিও সোণোৱালে উল্লেখ কৰে।

কংগ্ৰেছৰ দিনত ৰাজ্যখনত ভাষাৰ নামত, ধৰ্মৰ নামত সংঘাতৰ সৃষ্টি হৈছিল আৰু বৰ্তমানৰ চৰকাৰ খনৰ দিনত সমন্বয়ৰ পৰিবেশ গঢ়ি উঠাৰ বাবে ৰাজ্যখনত এক শান্তিপূৰ্ণ বাতাবৰণৰ সৃষ্টি হৈছে বুলিও সোণোৱালে অনুষ্ঠানত মত ব্যক্ত কৰে।

‘‘ভাল কাম কৰা বাবেই বিজেপিয়ে ২০১৬ চনৰ পৰা অসমৰ বিভিন্ন নিৰ্বাচনত ক্ৰমাগতভাৱে সফলতা লাভ কৰি আহিছে,’’ সোণোৱালে পুনৰ কয়।