NORTHEAST NOW (Assamese)
অসম

আট্টাৰী সীমান্তত পাকিস্তানী অস্ত্ৰ সৰবৰাহকাৰীক উদ্দেশ্যি বি এছ এফৰ গুলিচালনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 11, 2021 4:27 pm

বৃহস্পতিবাৰে পুৱা ভাৰত-পাকিস্তানৰ আট্টাৰী সীমান্তত এগৰাকী সন্দেহযুক্ত সৰবৰাহকাৰীক উদ্দেশ্য কৰি ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে গুলিচালনা কৰে।

আট্টাৰী-ৱাঘা সীমান্তত সন্দেহযুক্ত চালচলনৰ ব্যক্তি গৰাকীক বি এছ এফৰ জোৱানে বহুবাৰ আতৰি যোৱাৰ বাবে নিৰ্দেশ দিয়াৰ পাছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াত বি এছ এফৰ তৰফৰ পৰা গুলিচালনা কৰিবলৈ বাধ্য হয়।

জানিব পৰা মতে, সন্দেহযুক্ত সৰবৰাহকাৰীজনে ড্ৰাগছ আৰু অবৈধ অস্ত্ৰৰ সৈতে ভাৰত-পাকিস্তান সীমান্তত বিচৰণ কৰি আছিল।

কুৱলীৰ সুযোগ গ্ৰহণ কৰি ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশৰ বাবে সুযোগৰ সন্ধানত থকা সৰবৰাহকাৰীজনে বি এছ এফৰ গুলিচালনাৰ পাছত পালয়ন কৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে পঞ্জাৱৰ অট্টাৰী সীমান্তৰ ওচৰত থকা ভাৰত-পাকিস্তান সীমান্ততো বি এছ এফে এগৰাকী পাকিস্তানী নিষিদ্ধ ড্ৰব্য আৰু অস্ত্ৰৰ সৰবৰাহকাৰীক গুলিয়াই হত্যা কৰিছিল।

পাকিস্তানে দীৰ্ঘ সময়ৰ পৰা সীমান্তৰে ভাৰতৰ ভূ-খণ্ডলৈ অবৈধভাৱে অস্ত্ৰ আৰু বিভিন্ন নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে।