NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ কায়া ইউনিচেক্স পাৰ্লাৰত ফেচিয়েল কৰিবলৈ গৈ মুখমণ্ডল জ্বলিল এগৰাকী চিকিৎসকৰ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন February 13, 2021 5:34 pm
IMG-20210213-WA0005(1)

গোলাঘাটৰ এখন নামী পাৰ্লাৰত ফেচিয়েল কৰিবলৈ গৈ বিপদত পৰিল এগৰাকী দন্ত চিকিৎসক।

গোলাঘাট চান্দমাৰীৰ দন্ত চিকিৎসক লিজা দেৱীয়ে ভগ্নী বিবাহ অনুষ্ঠানৰ বাবে ফেচিয়েল কৰিবলৈ গৈছিল গোলাঘাটৰ এখন জনপ্ৰিয় তথা বিলাসী পাৰ্লাৰ কায়া ইউনিচেক্সত।

পাৰ্লাৰত ফেচিয়েল কৰি থকা অৱস্থাত সংঘটিত হ’ল এই ভয়ংকৰ ঘটনা। ফেচিয়েল কৰি থকা অৱস্থাত ৱাটাৰ ষ্টিমাৰ উন্নত মানদণ্ডৰ ব্যৱহাৰ নকৰা আৰু কৰ্মচাৰী অমনোযোগিতাৰ ফলত গৰম পানী পৰি লিজা দেৱীৰ মুখমণ্ডলৰ সম্পূৰ্ণৰূপে পুৰি যায়।

ভগ্নী বিবাহৰ পূৰ্বে পাৰ্লাৰত এনে কাৰ্য সংঘটিত হোৱাত এতিয়া  সমস্যাত পৰিছে  লিজা দেৱীৰ লগতে পৰিয়ালটো।

ডিব্ৰুগড়ত চিকিৎসা কৰি ডাঃ লিজা দেৱী কিছু সুস্থ হৈছে যদিও ৬ মাহৰ বাবে ঘৰতে থকাৰ পৰামৰ্শ দিছে চিকিৎসকে।

ডাঃ লিজা দেৱী গোলাঘাট চাৰিঙ্গিয়া চৰকাৰী চিকিৎসালয় চিকিৎসক আৰু তেওঁৰ নিজা এখন ক্লিনিকো আছে। য’ত এতিয়া  কৰ্ম সম্পাদন কৰাত যথেষ্ট অসুবিধাত পৰিছে চিকৎসকগৰাকী।

ইফালে কিছু ঘৰুৱা অসুবিধাৰ বাবে আদালতৰ মজিয়ালৈও যাবলৈ অপাৰগ হৈছে চিকিৎসকগৰাকী। তথাপি ঘটনা সন্দৰ্ভত  চিকিৎসকগৰাকীয়ে সাংবাদিকৰ আগত মুখ খুলিছে যাতে পাৰ্লাৰসমূহত ভৱিষ্যতলৈ অনভিজ্ঞ কৰ্মচাৰী লোৱাটো বন্ধ কৰে।