NORTHEAST NOW (Assamese)
অসম

কৰ’নাত আক্ৰান্ত হৈ চিৰিয়াখানাৰ দুটি বাঘৰ পোৱালিৰ মৃত্যু! চিন্তিত কৰ্তৃপক্ষ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2021 10:10 am
Cubs-Lahorezoo

গোটেই বিশ্বতে মাৰাত্মক কৰ’না ভাইৰাছত আক্ৰান্ত হৈ লক্ষাধিক লোকৰ মৃত্যু ঘটিছে।এইবাৰ কৰ’নাৰ বলি হৈছে দুটি বাঘৰ পোৱালি!

পাকিস্তানৰ এখন চিৰিয়াখানাত যোৱা মাহত মৃত্যু ঘটে দুটি বগা বাঘৰ পোৱালিৰ। ১১মহীয়া পোৱালি দুটি কৰ’না আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে ইয়াৰ কৰ’না পৰীক্ষা সম্পন্ন কৰা নাই।

বাতৰি অনুসৰি, যোৱা ৩০ জানুৱাৰিত দেশখনৰ লাহোৰৰ এখন চিৰিয়াখানাত বাঘৰ পোৱালি দুটিৰ মৃত্যু হয়। কেইদিনমান পূৰ্বে পোৱালি দুটি অসুস্থ হৈ পৰিছিল।

চিৰিয়াখানা কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে মৰণোত্তৰ পৰীক্ষাত পোৱালি দুটিৰ হাওঁফাওঁ মাৰাত্মক ক্ষতিগ্ৰস্ত হোৱাটো ধৰা পৰে।

বিশেষজ্ঞসকলৰ মতে পৰীক্ষাৰ প্ৰতিবেদনত কৰা সংক্ৰমণৰ উল্লেখে কৰ’নাৰ কথাকেই ইংগিত কৰে। কিন্তু স্বাৱ পৰীক্ষা নোহোৱাৰ বাবে সেয়া নিশ্চিত কৰিব পৰা নাই।

লাহোৰ চিৰিয়াখানাৰ সঞ্চালক চালেমে কয় যে দুৰ্ভাগ্যজনকভাৱে যি মাৰাত্মক ভাইৰাছত পাকিস্তানত ১২ হাজাৰ লোকৰ মৃত্যু ঘটিছে, সেই কৰ’না ভাইৰাছতেই দুটি বাঘৰ পোৱালিৰ মৃত্যু হ’ল।

বাতৰি অনুসৰি, এই ঘটনাৰ পাছতে চিৰিয়াখনৰ আটাইকেইটা বাঘৰে স্বাৱ পৰীক্ষা কৰা হৈছে। তাৰ ভিতৰত ছয়টা বাঘৰ পজিটিভ ধৰা পৰিছে। তদুপৰি, বাঘৰ চোৱাচিতাৰ বাবে নিয়োজিত দুজন কৰ্মীৰো পজিটিভ ধৰা পৰে।

সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে যে সম্ভৱতন এই কৰ্মী দুজনৰ পৰাই বগা বাঘৰ পোৱালি দুটি কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছিল।

আনহাতে, স্বাৱ পৰীক্ষা নকৰাকৈয়ে কৰ্তৃপক্ষই কেনেকৈ কৰ’নাত আক্ৰান্ত হোৱাৰ সিদ্ধান্তত উপনীত হ’ল তাক লৈয়ো প্ৰশ্নৰ অৱতাৰণা হৈছে।