NORTHEAST NOW (Assamese)
অসম

হিতাধিকাৰী সন্তুষ্ট, কিন্তু কৰ্মচাৰী? চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা February 14, 2021 1:08 pm
Poknapham-manipur

চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা  কৰিলে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই।

কলিয়াবৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ অন্তত  সংবাদমেল যোগে  এই ঘোষণা  কৰে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই।

আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা ১৯ আৰু ২০ ফেব্ৰুৱাৰীত কৰ্মবিৰতি পালন কৰিব সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কৰ্মচাৰীসকলে ।

চৰকাৰে এসপ্তাহৰ ভিতৰত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দাবী সমূহ সমাধান নকৰিলে চৰকাৰৰ বিৰুদ্ধে অনিদিষ্টকালীন  কৰ্ম বিৰতি পালন কৰাৰ লগতে অসহযোগ আন্দোলন কৰাৰ হুংকাৰ দিছে ।

মুখ্যমন্ত্ৰীৰ সৈতে কেইবাবাৰো সদৌ অসম প্ৰশাসন কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকল আলোচনাত মিলিত হৈছিল যদিও আজি পৰ্যন্ত চৰকাৰে তেওঁলোকৰ দাবী সমূহ সমাধান নকৰাৰ অভিযোগ কৰিছে সদৌ অসম প্ৰশাসন কৰ্মচাৰী সন্থাই।

কৰ্মচাৰী সন্থাৰ বিভিন্ন সমস্যা¸NPS(ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা)¸সুকীয়া গ্ৰেড পে¸প্ৰাপ্য মজুৰি আদি বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যৰে এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিল কলিয়াবৰত।

২০১৬ চনৰ পৰাই সদৌ অসম প্ৰশাসন কৰ্মচাৰী সন্থাই বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ¸ কিন্তু আজি পৰ্যন্ত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে কৰ্মচাৰী সন্থাই।

তাৎপৰ্যপূৰ্ণভাৱে আগন্তক ২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিটো নিৰ্বাচনকেন্দ্ৰিক কাম-কাজ কৰাৰ পৰা বিৰত থকা হুংকাৰ প্ৰদান কৰে সদৌ অসম কৰ্মচাৰী সন্থাই।