NORTHEAST NOW (Assamese)
অসম

ম্যানমাৰত সামৰিক শাসনৰ বিৰুদ্ধে প্ৰতিবাদ; বিভিন্ন প্ৰান্তত ৰে’ল অৱৰোধ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2021 5:38 pm

ম্যানমাৰত সামৰিক শাসনৰ বিৰুদ্ধে জনসাধাৰণৰ প্ৰতিবাদে ক্ৰমাৎ অধিক গতিশীলতা লাভ কৰিছে।

জনসাধাৰণে দেশখনৰ সেনা বাহিনীৰ বিৰুদ্ধে অসহযোগ আন্দোলন ঘোষণা কৰাৰ পাছৰে পৰা ম্যানমাৰৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে।

মঙলবাৰে প্ৰতিবাদী জনসাধাৰণে ম্যানমাৰৰ বাণিজ্যিক ৰাজধানী য়াংগুন আৰু দক্ষিণ প্ৰান্তৰ চহৰ মাউলামাইনৰ মাজত চলাচল কৰা ৰে’ল পথ অৱৰোধ কৰি ৰে’ল চলাচল ব্যহত কৰি তোলে।

ৰে’ল অৱৰোধকাৰী প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ ‘আমাৰ নেতাক শীঘ্ৰে মুক্তি দিয়ক’ শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখযোগ্য যে, ম্যানমাৰ সেনাবাহিনীয়ে শেহতীয়া নিৰ্বাচনত অনিয়ম হোৱাৰ অভিযোগ তুলি ১ ফেব্ৰুৱাৰিত দেশৰ শাসন দখল কৰিছিল।

সেনা বাহিনীয়ে ম্যানমাৰৰ ৰাজনৈতিক নেত্ৰী ছ্যুকীকো কাৰাবন্দী কৰে।

সামৰিক অভ্যুত্থানৰ পাছতে দেশখনত চিকিৎসক, শিক্ষক সমাজে সামৰিক শাসনৰ বিৰুদ্ধে অসহযোগ আন্দোলন ঘোষণা কৰে।