NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিৰ তালিকাৰ পুনৰ শীর্ষত আমাজনৰ স্বত্বাধিকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2021 11:44 am

বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিৰ শীৰ্ষস্থানৰ পৰা এলন মাস্ক অৱনমিত হৈছে।

ছমাহ সময়ধৰি তেওঁ তালিকাৰ শীৰ্ষ স্থানত আছিল।

ব্লুমবাৰ্গ বিলিয়নেৰছ ইণডেক্স ৰেংকিঙে প্ৰকাশ কৰা মতে, এলন মাস্কৰ স্থানত উপনীত হৈছে জ’ফ বেজছ।

ছমাহৰ পূৰ্বে তালিকাখনৰ শীৰ্ষস্থানত থকা জ’ফ বেজছক চেৰাই এলন মাস্ক বিশ্বৰ আটাইতকৈ চহকী ব্যক্তি হিচাপে পৰিগণিত হৈছিল।

টেচলা কোম্পানীৰ প্ৰতিষ্ঠাপক তথা বিভিন্ন ব্যৱসায়ৰ স’তে জড়িত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এলন মাস্ক সম্পত্তিৰ নেট ৱৰ্থ ৯৫৫ মিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে আমাজনৰ স্বত্বাধিকাৰ জফ বেজছৰ সম্পত্তিৰ নেট ৱৰ্থ ১৯২.২ বিলিয়ন ডলাৰ।

আনহাতে তেওঁলোকৰ পাছতে তৃতীয় স্থানত আছে মাইক্ৰ’চ’ফ্টৰ স্বত্বাধিকাৰ বিল গেটচ।

তালিকাখনত ভাৰতৰ মুকেশ আম্বানী ১১ নম্বৰ স্থানত থকাৰ বিপৰীতে গৌতম আদানীয়ে ২৯ নম্বৰ স্থান লাভ কৰিছে।