NORTHEAST NOW (Assamese)
অসম

টেষ্ট ক্ৰিকেটক বিদায় জনালে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক ফাফ-ডু প্লেছিচে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2021 12:23 pm

দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ফাফ-ডু প্লেছিচে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে।

প্ৰিটোৰিয়াত জন্মগ্ৰহণ কৰা দক্ষিণ আফ্ৰিকাৰ তাৰকা সোঁ-হতীয়া বেটছমেন গৰাকীয়ে ৩৬ বছৰ বয়সত টেষ্ট ক্ৰিকেটক বিদায় জনায়।

ডু প্লেছিচে দক্ষিণ আফ্ৰিকা জাতীয় দলক প্ৰতিনিধিত্ব কৰি ৬৯ খন টেষ্টত খেলি ১০ টা শতৰান আৰু ২১ টা অৰ্ধশতৰানেৰে মুঠ ৪১৬৩ ৰান সংগ্ৰহ কৰে।

‘‘যদি ১৫ বছৰ পূৰ্বে কোনোবাই মোক দক্ষিণ আফ্ৰিকাৰ হৈ ৬৯ খন টেষ্টত অংশলোৱা আৰু জাতীয় দলক নেতৃত্ব প্ৰদান কৰা বুলি ক’লে হেতেন মই তেওঁলোকক বিশ্বাস নকৰিলো হেতেন,’’ অৱসৰ ঘোষণা কৰি ডু প্লেছিচে কয়।

আনহাতে, ডু প্লেছিচে দক্ষিণ আফ্ৰিকা ক্ৰিকেট বোৰ্ডৰ লগতে তেওঁৰ সতীৰ্থ খেলুৱৈ সকল আৰু প্ৰশিক্ষক, চাপোৰ্ট ষ্টাফক ধন্যবাদ জ্ঞাপন কৰে।

দক্ষিণ আফ্ৰিকাৰ তাৰকা বেটছমেন গৰাকীয়ে আই পি এলত চেন্নাই চুপাৰ কিংগছক বহুবছৰ প্ৰতিনিধিত্ব কৰি আহিছে।