NORTHEAST NOW (Assamese)
অসম

ভাগিনৰ ৰোষত হিমন্ত মামা: প্ৰতিশ্ৰুতি পূৰণ নকৰাত শিৱসাগৰত কলেজীয়া ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ February 17, 2021 3:49 pm
bhaba

ভাগিনৰ ৰোষত পৰিল হিমন্ত মামা! প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগতশিৱসাগৰত বিভিন্ন কলেজৰ ছাত্ৰীয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত  আজি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২০১৮/১৯ বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰী সকলে স্কুটী নোপোৱাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰীসকলে স্কুটী প্ৰদানকলৈ ব্যাপক বেমেজালি হোৱাৰো অভিযোগ উত্থাপন কৰে। প্ৰতিবাদী ছাত্ৰীসকলে অভিযোগ কৰা অনুসৰি ২০২০বৰ্ষৰ ৬০% পোৱা ছাত্ৰীক  চৰকাৰে স্কুটী প্ৰদান কৰিলে যদিও আজিকোপতি ২০১৮/২০১৯ প্ৰথমত বিভাগত উত্তীৰ্ণ ছাত্ৰীক  স্কুটী দিয়া হোৱা নাই।

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়,গড়গাঁও মহাবিদ্যালয়,কমাৰ্চ কলেজ,জয়সাগৰ কলেজ,জাঁজী কলেজৰ ছাত্ৰীসকলেই আজি স্কুটী মোপোৱাৰ প্ৰতিবাদত শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰীসকলে স্কুটী প্ৰদানত ৰাজনীতি হোৱাৰো অভিযোগ উত্থাপন কৰিছে।